Manipur:পুনৰ যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছে মণিপুৰ ।সোমবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত বন্দুকৰ আক্ৰমণত নিহত হয় চাৰিজন লোক। চাৰিওজনকে পইণ্ট ব্লেক ৰেঞ্জৰ পৰা গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ।
মৃতকৰ তালিকাত আছে এগৰাকী ৬০ বছৰীয়া মহিলা। এই ঘটনাই পুনৰ উত্তেজনাৰ সৃষ্টি কৰিছে। এই হত্যাকাণ্ডৰ বাবে এতিয়াও কোনো সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সোমবাৰে দিনৰ প্ৰায় দুই বজাত চুৰাচান্দপুৰ চহৰৰ পৰা সাত কিলোমিটাৰ নিলগৰ মাঞ্জাং অঞ্চলত সংঘটিত হয় এই আক্ৰমণ।
পাৰ হৈ যোৱা এখন বাহনক লক্ষ্য কৰি আক্ৰমণকাৰীয়ে চাৰিজন লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আক্ৰমণৰ তথ্য লাভ কৰি আৰক্ষীয়ে দ্ৰুততাৰে সেই স্থানত উপস্থিত হয়।
যদিও এই ঘটনাত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। হত্যাকাণ্ডৰ পৰা উদ্ধাৰ হৈছে ১২টা গুলী।
এই ঘটনাই অঞ্চলটোত যাতে অধিক হিংসাত্মক ঘটনা সৃষ্টি নকৰে তাৰ বাবে অঞ্চলটোত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। পূৰ্ণ শক্তিৰে আৰম্ভ হৈছে এক অনুসন্ধান অভিযান।






























