Killing of Dove:
সম্প্রতি থলুৱা প্ৰজাতিৰ চৰাই-চিৰিকতি হ্রাস পাই অহা সময়তে সৰ্থেবাৰীৰ সমীপৱতী আমুখোৱাত বিহ দি শশ কপৌ চৰাই হত্যা কৰা ঘটনাই সৰ্থেবাৰী অঞ্চলত তীব্র প্রতিক্রিয়ান সৃষ্টি কৰিছে। স্থানীয় ৰাইজে পথাৰত শশ কপৌ চৰাই পৰি থকা দৃশ্য দেখি আশ্চর্য চকিত হৈ পৰে। স্থানীয় ৰাইজে আমুখোৱা গাঁৱৰ প্ৰয়াত মুকুন্দ ডেকাৰ পুত্ৰ নৃপেন ডেকাই পথাৰত কঠীয়া সিঁচাৰ সময়ত পথাৰত বিহ দি কপৌ চৰাই হত্যা কৰাৰ লগতে বহু চৰাই ভক্ষণ কৰা বুলিও অভিযোগ উত্থাপন হৈছে।
ডেকাৰ এনে কুকর্মৰ ফলত আমুখোৱাৰ পথাৰত যেনি-তেনি পৰি ৰৈছে কপৌ চৰাইৰ নিথৰ দেহ। গাঁৱৰ ৰাইজে এই কাণ্ড দেখি হতভম্ব হৈ পৰে। ডেকাই কৰা এই কার্যক গাঁৱৰ সাধাৰণ লোকেও নিন্দা কৰাৰ লগতে গাঁৱৰ লোকে আৰক্ষীক খবৰ দিয়ে। ইপিনে, অসম পক্ষী আৰু মৎস্য সুৰক্ষা সমিতিৰ সম্পাদক নিখিলেখ ডেকাই এই কুকাণ্ডৰ বাবে আশ্চর্য প্ৰকাশ কৰাৰ লগতে অভিযুক্ত নৃপেন ডেকাক উপযুক্ত শাস্তি প্রদান কৰিবলৈ দাবী উত্থাপন কৰে।
আনহাতে, প্রকৃতিপ্রেমী তথা সাংবাদিক আৰু নেচাৰ্ছ বেকনৰ সমন্বয়ক নৱজিৎ নাথে এই ঘটনাক গৰিহণা দিয়াৰ লগতে বিহ দি কপৌ চৰাই নিধন কৰা ডেকাৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষী থানাত এক গোচৰ দাখিল কৰে। ইতিমধ্যেই সৰ্থেবাৰীৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ অনিত্য বর্মনে বিহ দি নিধন কৰা কপৌ চৰাইৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা বুলি জানিব পৰা গৈছে।
সম্প্রতি আৰক্ষীৰ জিম্মাত আছে কপৌ চৰাই নিধন কৰা নৃপেন ডেকা। বন্য চৰাই নিধনকাৰী নৃপেন ডেকাক কঠোৰ শাস্তি প্রদান কৰিবলৈ নৱজিত নাথে দাবী উত্থাপন কৰে।






























