Larva and Baby Fishes:
ৰাজ্যৰ মীন বিভাগে জাৰি কৰা নিষেধাজ্ঞা অনুসৰি এপ্ৰিল মাহৰ শেষৰ ভাগৰ পৰা চেপ্টেম্বৰ মাহলৈ কণীযুক্ত মাছ আৰু পোনা মাছ ধৰা সম্পূৰ্ণৰূপে বন্ধ, তেনে অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ লোকে পোনা মাছ আৰু কণী যুক্ত মাছৰ নিধন ও বজাৰ সমাৰত ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰা পৰিলক্ষিত হৈছে। একাংশ হেচাৰীৰ বিশেষ প্ৰজাতিৰ মাছৰ বাদে থলুৱা মাছৰ পোনা বিলাক জালেৰে ধৰি মাছৰ বংশ বৃদ্ধিত বিৰূপ প্ৰভাৱ পেলাব ধৰা মূহুৰ্তত একাংশ সমাজ সচেতন আৰু প্ৰকৃতিপ্ৰেমী লোকে পোনা মাছ ধৰাৰ বিৰোধীতাৰে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে।
উল্লেখ্য, মীন কৰ্তৃপক্ষৰ ফালৰ পৰা মৎস মিত্ৰ আব্দুছ ছাত্তাৰৰ লগতে ইয়াৰ স্থানীয় ৰাইজে অসাধু মাছমৰীয়া সকলোক এই ক্ষেত্ৰত বাৰম্বাৰ বাধা প্ৰদান কৰিও কোনো সুফল নোপোৱাত উপায়ন্তৰ হৈ ৰাইজে পোনা মাছৰ নিধনৰ ক্ষেত্ৰত সোণতলী আৰু জোৰশিমুলী আৰক্ষীক প্ৰতিবাদৰ জড়িয়তে হস্থক্ষেপ বিচাৰিছে।
আজি মাছৰ কণী আৰু পোনা মাছ নিধনকাৰী অসাধু মাছমৰীয়া সকলোৰ বিৰুদ্ধে আজি ৰাইজে বেজৰ সূঁতিত ই এন ডি মথাউৰিত সমবেত হৈ ” পোনা মাছ মৰাৰ বন্ধ কৰক, মাছৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, মাছমৰীয়া হুচিয়াৰ, মীন আইন মানি চলক” আদি বিভিন্ন ধৰণৰ শ্লোগান দি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ পক্ষৰ দৃষ্টি আকৰ্ষণ কৰে।
