Pankaj Pathak:
তপা মূৰত চুলি গজাবলৈ শেহতীয়াকৈ ৰাজ্যৰ চৌদিশে আচাৰ্য পংকজ পাঠকে অনুষ্ঠিত কৰি আহিছে শিৱিৰ ৷ শিৱিৰত তপা লোকৰ বিৰদি বাট নোপোৱা পৰিৱেশ ৷
বুধবাৰে গোৱালপাৰাত অনুষ্ঠিত আচাৰ্য পংকজ পাঠকৰ শিৱিৰত সংঘটিত হয় এক অঘটন। অনাকাংক্ষিত ঘটনাৰ বাবে ৰাইজৰ ৰোষত পৰিলগীয়া হয় পংকজ পাঠক ৷
গোৱালপাৰাৰ বিহু ফিল্ডৰ শিৱিৰত পংকজ পাঠকে চিকিৎসা কৰিবলৈ আহি পাঠকৰ কৰ্মচাৰীৰ আক্ৰমণৰ সন্মুখীন হয় তপন চক্ৰৱৰ্তী নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজন ৷ একেদৰে পাঠকক সাক্ষাতৰ বাবে লগ পাবলৈ গৈ পাঠকৰ দুব্যৱহাৰৰ সন্মুখীন হয় এগৰাকী মহিলা ৷
বয়োজ্যেষ্ঠ শিক্ষক আৰু মহিলাক দুব্যৱহাৰৰ ঘটনা সংঘটিত হোৱাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পংকজ পাঠক আৰু তেওঁৰ কৰ্মচাৰীক আবদ্ধ কৰি ৰাখে বিহু ফিল্ডত ৷ আনকি সংঘটিত হোৱা ঘটনাৰ বাবে শিক্ষক তপন চক্ৰৱৰ্তীক আঠু লৈ সেৱা কৰি ক্ষমা খুজিবলৈ বাধ্য কৰাৰ লগতে আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিবলৈ পংকজ পাঠকক বাধ্য কৰালে ৰাইজে ৷
এনে ঘটনাৰ বাবে অনুতপ্ত বুলি উল্লেখ কৰি ভৱিষ্যতে এই ধৰণৰ ঘটনা কেতিয়াও নোহোৱাৰ প্ৰতিশ্ৰুতি ৰাইজক দিয়ে পাঠকে ৷ আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পংকজ পাঠকক নিৰাপদে উদ্ধাৰ কৰে ৷






























