Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

    হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

    দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

    মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Minority dignitaries meet in Guwahati:অসমৰ ক্ৰমবৰ্ধমান সাম্প্ৰদায়িক বিভাজনক লৈ উদ্বিগ্ন-ত্ৰাসিত সংখ্যালঘু ৰাইজ 

গুৱাহাটীৰ ছয়মাইলত গুৰুত্বপূৰ্ণ সভা , সমন্বয়-সম্প্ৰীতি ৰক্ষাৰ্থে সংখ্যাগুৰু বিদ্বত সমাজৰ সহায় লোৱাৰ সিদ্ধান্ত, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজধৰ্ম পালনৰ আহ্বান জনাব ইছলাম ধৰ্মাৱলম্বী বিদ্বত সমাজৰ প্ৰতিনিধিয়ে, আইনৰ সঠিক প্ৰয়োগৰ আহ্বান ডি জি পিক, ৰাজ্যপালকো দিব স্মাৰকপত্ৰ: চন্দ্ৰবাবু-নীতিশক সাক্ষাৎ কৰি জনাব অসমৰ পৰিস্থিতি

samimsultana by samimsultana
September 19, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Minority dignitaries meet in Guwahati:অসমৰ ক্ৰমবৰ্ধমান সাম্প্ৰদায়িক বিভাজনক লৈ উদ্বিগ্ন-ত্ৰাসিত সংখ্যালঘু ৰাইজ 
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

APCC:আজি নতুন দিল্লীতএপিচিচি গুৰুত্বপূৰ্ণ বৈঠক

Minister Atul Bora:জনতা ভৱনত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগৰ জ্যেষ্ঠ বিষয়াৰে বৈঠক মন্ত্ৰী অতুল বৰাৰ

Former Bokakhat MLA Jiten Gogoi is likely to join the AGP soon:অচিৰেই এজেপিত যোগদানৰ সম্ভাৱনা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ

Minority dignitaries meet in Guwahati:

কচুতলিৰ উচ্ছেদ আৰু তাৰ আগে-পিছে অসমত হৈ থকা ঘটনাক্ৰমে অসমৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজক শংকিত কৰিছে ৷ সংবিধান ৰক্ষাৰ শপত লৈ চৰকাৰত বহা মুখ্যমন্ত্ৰী তথা আন চৰকাৰী বৰমুৰীয়াসকলে এটা সম্প্ৰদায়ক অসম বিধান সভাৰ ভিতৰে-বাহিৰে তুচ্ছ-তাচ্ছিল্য কৰি কেৱল সাংবিধানিক বিধি ব্যৱস্থাক পদাঘাত কৰাই নহয়, ৰাজ্যখনত স্পষ্ট সাম্প্ৰদায়িক বিভাজন আৰু সংঘাত সৃষ্টিত উদগণি যোগাইছে ৷ ইয়াৰ ফলত সৃষ্টি হ’ব পৰা যিকোনো ধৰণৰ নেতিবাচক পৰিস্থিতি প্ৰতিৰোধৰ হকে ৰাজ্যৰ সংখ্যালঘু সম্প্ৰদায়ে সংখ্যাগুৰু সম্প্ৰদায়ৰ লগত অধিক সমন্বয় স্থাপনেৰে চৰকাৰক ৰাজধৰ্ম পালনৰ কথা সোঁৱৰাই দিয়াৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ হকে জনমত গঠনৰ প্ৰয়োজন৷ লগতে সংখ্যালঘু সমাজৰ মাজত চলা কুসংস্কাৰ, অপৰাধ প্ৰৱণতাৰ বিৰুদ্ধেও এক ব্যাপক গণ সচেতনতা অভিযান চলোৱাৰ প্ৰয়োজন ৷

ADVERTISEMENT

যোৱা নিশা (১৮ ছেপ্টেম্বৰ) গুৱাহাটীৰ ছয়মাইলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা সংখ্যালঘু সম্প্ৰদায়ৰ কিছু প্ৰগতিশীল বৌদ্ধিক ব্যক্তিত্ব আৰু যুৱ প্ৰজন্মৰ চিন্তীশীল ব্যক্তিৰ এখন সভাত এই মত প্ৰকাশ কৰা হয় ৷ সভাই ৰাজ্যৰ শাসক- বিৰোধী উভয় ৰাজনৈতিক শিবিৰত থকা সৰহসংখ্যক জনপ্ৰতিনিধিৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰে ৷

উল্লেখযোগ্য যে শিৱসাগৰত ৩০ টা জনগোষ্ঠীয় সংগঠনে প্ৰথমে ব্যৱসায়ী গোষ্ঠীসমূহৰ সৈতে হোৱা সংঘাত , উক্ত গোষ্ঠীৰ প্ৰতিনিধিয়ে মন্ত্ৰী আৰু জিলা আয়ুক্ত-আৰক্ষী অধীক্ষকৰ উপস্থিতিত আঁঠু কাঢ়ি ক্ষমা খোজা; আৰু তাৰ পাছত সেই পৰিস্থিতি ‘মিঞা খেদা’ অভিযানলৈ পৰিৱৰ্তন হেৱাৰ পাছত ৰাজ্যখন সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ হৈ উঠিছে ৷ তাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত স্বয়ং চৰকাৰ পক্ষই অসম বিধান সবাৰ ভিতৰে-বাহিৰে দিয়া উচটনিমূলক বক্তব্য, তাৰ প্ৰতিক্ৰিয়া স্বৰূপে আন একাংশই প্ৰদান কৰা অবিবেচক উত্তেজক বক্তব্য আদিয়ে বিষয়বোৰ জটিল কৰি তুলিছে ৷

শিৱসাগৰৰ নাজিৰাত বিজেপিৰ জিলা সভাপতি ময়ুৰ বৰগোহাঁয়ে নামনি অসমৰ শ্ৰমিকক ১৫ লাখ টকাৰ পাৰিশ্ৰমিক নিদিবলৈ ‘মিঞা খেদা অভিযান’ৰ সূত্ৰপাত কৰাৰ পিছৰে পৰা দেখাক দেখি তেনে কিছু অপ্ৰীতিকৰ ঘটনাও উজনিৰ কিছু ঠাইত সংঘটিত হয় ৷ বিপৰীতে নগাঁৱৰ জনদিয়েক মাছ ব্যৱসায়ীয়ে উজনি অসমলৈ মাছ প্ৰেৰণ নকৰাৰ অবিবেচক হুংকাৰ দিয়াৰ পিছতো ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

উল্লিখিত ধৰণৰ ঘটনা প্ৰৱাহে সৃষ্টি কৰা উত্তেজক, সন্দেহ-অহিশ্বাসৰ পৰিৱেশ শাম কটাৰ পূৰ্বে সোণাপুৰৰ কচুতলিত হোৱা উচ্ছেদ আৰু আৰক্ষীৰ গুলীত দুজনকৈ লোক নিহত হোৱা ঘটনাই ৰাজ্যত পুনৰ এক সাম্প্ৰদায়িক বিভাজন তথা ভয়-শংকাৰ পৰিৱেশ ৰচনা কৰে ৷ এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ লাভেৰে ৰাজ্যৰ শান্তি-সম্প্ৰীতি-সমন্বয়-সংহতি কেনেকৈ অব্যাহত ৰাখিব পাৰি; তথা সংখ্যালঘু সমাজত – আনে অভিযোগ কৰা – কুসংস্কাৰ আৰু বৰ্ধিত অপৰাধৰ ঘটনাবোৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, তাৰ বিষয়ে আলোচনা কৰিবলৈ যোৱা নিশাৰ সভাখন অনুষ্ঠিত হয় ৷

প্ৰগতিশীল যুৱনেতা মহছিন খান আৰু আইনৰ অধ্যাপক আব্দুল ৱাদুদ শ্বেখে মূলতঃ উদ্যোগ লোৱা সভাখনত অংশগ্ৰহণ কৰা উল্লেখযোগ্য ব্যক্তিসকলৰ অন্যতম আছিল বিশিষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, মাইজুদ্দিন মামুদ, প্ৰাক্তন অধ্যাপক আব্দুল মান্নান, প্ৰাক্তন ন্যায়াধীশ আনিছুৰ আলম, অসম অসামৰিক সেৱাৰ প্ৰাক্তন বিষয়া চৈয়দ ৰফিক আলী, কংগ্ৰেছৰ মুখপাত্ৰ মেহদি আলম বৰা, লেখক ডাঃ ৰেজাউল কৰিম, অসম জাতীয় পৰিষদৰ সম্পাদক জিয়াউৰ ৰহমান, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, সাংবাদিক আফ্ৰিদা হুছেইন, চাহজাহান তালুকদাৰ, জমছেৰ আলী, দিলৱাৰ হুছেইন মজুমদাৰ, কে জামান চৌধুৰী, গুলজাৰ চৌধুৰী আদি ৷

সভাত উপস্থিত বক্তাসকলে এক মুখে কয় যে সংখ্যালঘু সমাজত  বিশেষকৈ উপযুক্ত শিক্ষাই স্পৰ্শ নকৰা নকৰা লোকসকলৰ মাজত কুসংস্কাৰ আৰু অপৰাধজনিত ঘটনাৰ হাৰ বেছি এইটো সত্য ৷ কিন্তু সেই বুলি সমগ্ৰ মুছলমান সমাজখনকে তাৰ সৈতে সাধাৰণীকৰণ কৰি ভিলেইন সজাব খোজাটো এটা শাসনাধিষ্ঠিত ৰাজনৈতিক দলৰ এজেণ্ডা ৷

আনহাতে বিপৰীত শিবিৰৰ আন জনদিয়েক ৰাজনৈতিক ব্যক্তি বা দলে নিজকে মুছলমানৰ ত্ৰাণকৰ্তা হিচাপে প্ৰক্ষেপ কৰিব বিচৰাৰ উদ্দেশ্যে শাসক পক্ষৰ সৈতে বুজাবুজিৰেই হওক বা আন কাৰণত হওক, শাসক পক্ষৰ জালত ভৰি দি সমগ্ৰ পৰিৱেশ বিনষ্ট কৰি আছে ৷ এনে দুয়োধৰণৰ শক্তিৰ জালত ভৰি নিদি ৰাজ্যৰ সাতাম পুৰুষীয়া শান্তি-সম্প্ৰীতি-সমন্বয় অব্যাহত ৰখাটো সময়ৰ আহ্বা ন৷ এই ক্ষেত্ৰত ৰাজ্যৰ সংখ্যাগুৰু সম্প্ৰদায়ৰ আগশাৰীৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ মনৰ লোকসকলক লগত লৈ সমন্বয়ৰ বৰ অসমীয়া সমাজ গঢ়াৰ ওপৰত বক্তাসকলে গুৰুত্ব আৰোপ কৰে ৷

প্ৰায় ৪ ঘন্টাজুৰিচলা সভাৰ অন্তত ৫টা প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ প্ৰথম প্ৰস্তাৱত ৰাজ্যৰ সাতাম পুৰুষীয়া শান্তি-সম্প্ৰীতি-সমন্বয় ৰক্ষাৰ হকে জাতি-ধৰ্ম-বৰ্ণ সকলোকে লগত লৈ সকলো ধৰণৰ প্ৰয়োজনীয় ইতিবাচক পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় ৷ দ্বিতীয় প্ৰস্তাৱত ইতিপূৰ্বে সামাজিক সংহতি বিনষ্ট কৰিব পৰা কথা কৈ বিভিন্ন পক্ষৰ যিসকল লোকে বক্তব্য প্ৰদান কৰি পৰিৱেশ কলুষিত কৰি আছে, তেওঁলোকক গৰিহণা দি ভৱিষ্যতে এনে বিভাজনকামী কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে ৷

তৃতীয় প্ৰস্তাৱত সভাই ৰাজ্যৰ জাতীয়-জনগোষ্ঠীয় তথা সাহিত্য-সাংস্কৃতিক সংগঠন, সংবাদ মাধ্যম তথা বৌদ্ধিক শ্ৰেণী আৰু লগতে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ নেতৃবৃন্দক সাক্ষাৎ কৰি ৰাইজৰ উদ্বিগ্নতাৰ বিষয়ে অৱগত কৰি আলোচনা মৰ্মে সমাধানৰ পথ উদ্ভাৱনৰ সিদ্ধান্ত লোৱা হয় ৷ চতুৰ্থ প্ৰস্তাৱত ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজধৰ্ম পালনৰ আহ্বান জনোৱাৰ সিদ্ধান্ত লোৱা হয় ৷ একেটা প্ৰস্তাৱতে আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰি আইনৰ সঠিক প্ৰয়োগ আৰু ৰক্ষণাবেক্ষনৰ আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ সাংবিধানিক মুৰব্বী ৰাজ্যপালক সাক্ষাৎ কৰি সমগ্ৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ সিদ্ধান্ত লোৱা হয় ৷

পঞ্চম প্ৰস্তাৱত ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ যিবোৰ এলেকাত কুসংস্কাৰ আৰু অপৰাধৰ হাৰ বেছি, সেইবোৰত মছজিদ-মাদ্ৰাছা-কানকাহ বা তবলীগ জামাত আদি প্ৰতিষ্ঠানৰ সহযোগত সচেতনতা অভিযান চলোৱাৰ সিদ্ধান্ত লোৱা হয় ৷ অন্তিম প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰ ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল যেনে বি আৰ এছৰ নেতা চন্দ্ৰবাবু নাইডু আৰু জে ডি (ইউ)ৰ নেতা নীতিশ কুমাৰসহ অন্যান্যসকলক সাক্ষাৎ কৰি অসমৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahati SixmileMinority dignitaries meetSpl. Meeting
samimsultana

samimsultana

Related Posts

‘ফ্ৰী কাশ্মীৰ’ শ্লোগানক লৈ উত্তপ্ত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, অনলাইনযোগে চলিব পাঠদান
India

October 24, 2026
মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ
India

মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ

October 24, 2026
প্ৰশিক্ষণৰ সময়তে মাজ আকাশত ভয়ংকৰ দুৰ্ঘটনা! সংঘৰ্ষৰ পাছত ভূপতিত দুই সামৰিক বিমান
International

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত ভূমিকা নথকাৰ দাবী নেহা বৰাৰ, তথাপি দিব লাগিব শান্তিৰক্ষাৰ মুচলেকা

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস
International

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস

October 24, 2026
মুম্বাইত জইশ-ই-মহম্মদৰে জড়িত থকাৰ সন্দেহত যুৱক গ্ৰেপ্তাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d