Hormuz: ইজৰাইলৰ স’তে যুদ্ধৰ সময়ত পাৰস্য উপসাগৰত ইৰানৰ বহু বোমাভর্তি জাহাজে লংগৰ পেলাইছিল। মার্কিন গুপ্তচৰে উদ্ধাৰ কৰা তথ্য অনুসৰি, দুয়োখনৰ দেশৰ মাজৰ যুদ্ধ তুংগত উঠাৰ সময়তে মার্কিন বাহিনীয়ে ইৰানৰ তিনিটা পৰমাণু কেন্দ্ৰত বোমা আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰাৰ পাছতে পাৰস্য উপসাগৰীয় দেশখনে হৰমুজ প্রণালী বন্ধ কৰাৰ সিদ্ধান্ত লৈ বোমাভর্তি জাহাজ প্ৰেৰণ কৰে।
হৰমুজ প্রণালী পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰৰ মাজত অৱস্থিত। মার্কিন গুপ্তচৰে উদ্ধাৰ কৰা তথ্য অনুসৰি, ইৰানৰ এই বোমাভর্তি জাহাজে হৰমুজ প্ৰণালীৰ মুখত অৱস্থান কৰিছিল। উল্লেখ্য যে হৰমুজ প্রণালীৰে বিশ্বৰ ইন্ধনজাত তেলৰ পাঁচ ভাগৰ এভাগ হৰমুজ প্রণালীৰে অনা-নিয়া কৰা হয়।
অৰ্থাৎ ইৰানে এই প্রণালী বন্ধ কৰাহেঁতেন সমগ্র বিশ্ব জটিল সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত আছিল। মার্কিন গুপ্তচৰৰ মতে, যোৱা ১৩ জুনত পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ উঠে। পাৰস্য উপসাগৰত অৱস্থান কৰা ইৰানৰ বোমাভর্তি জাহাজকেইখনে মাথোঁ তেহৰানৰ সেউজ সংকেতলৈ অপেক্ষা কৰি আছিল।
তেহৰানৰ পৰা সেউজ সংকেত পোৱা হ’লে পাৰস্য উপসাগৰৰ বুকু এই বোমাই কঁপাই তোলাৰ আশংকা আছিল। অৱশ্যে পৰিস্থিতিৰ তেনে অৱস্থালৈ অৱনতি নঘটিল। কাৰণ মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ হস্তক্ষেপত ইৰান আৰু ইজৰাইল দুয়োখন দেশেই যুদ্ধ বিৰতি ঘোষণা কৰে।
অৱশ্যে যুদ্ধ বিৰতি ঘোষিত হ’লেও ইৰানৰ এই কাণ্ডক লৈ মার্কিন গুপ্তচৰ বৰ্তমানেও আশংকামুক্ত হ’ব পৰা নাই। কাৰণ ইৰানৰ সৰ্বোস্ব ধর্মীয় নেতা আয়াতুল্লা অলিখামেনেইয়ে ট্রাম্পকো সকীয়নি দি থৈছে। উল্লেখ্য যে ট্রাম্প বাহিনীয়ে ইৰানৰ তিনিটা মূল পৰমাণু কেন্দ্ৰৰ বিস্তৰ ক্ষতি সাধন কৰা বুলি দাবী কৰাৰ বিপৰীতে ইৰানে বিপৰীত দাবী কৰিছে।
দেশখনৰ এই তিনি পৰমাণু কেন্দ্ৰৰ কিঞ্চিতো ক্ষতি হোৱা নাই বুলি ইৰানে দাবী কৰি আহিছে। লক্ষ্যণীয় যে ইৰানে হৰমুজ প্রণালী বন্ধ কৰা হেঁতেন তাৰ প্ৰভাৱ ভাৰতৰ ওপৰতো পৰাৰ আশংকা আছিল।
