RPF Raid:
এন এফ ৰে’লৱে অন্তৰ্গত বিভিন্ন ষ্টেচনত আৰ পি এফে ২৫ জুনৰ পৰা ২৯ জুনলৈ পৃথকে পৃথকে অভিযান চলাই উদ্ধাৰ কৰে মুঠ ২৭ জন লোকক ৷ ইয়াৰে ২২ জন কিশোৰ- কিশোৰী। এই সময়ছোৱাত তিনিজন পুৰুষ আৰু দুগৰাকী মহিলাকো উদ্ধাৰ কৰা হৈছে বুলি এন এফ ৰে’লৱেৰ চিপিআৰঅ’ কপিঞ্জল কিশোৰ শৰ্মাই জানিব দিয়ে ৷
ইতিমধ্যে উদ্ধাৰ কৰা সকলো ব্যক্তিক নিৰাপদে গতাই দিয়া হয় চাইল্ড লাইন কৰ্তৃপক্ষ, এন জি অ’, নিজ নিজ অভিভাৱক স্থানীয় আৰক্ষীক ৷
এন এফ ৰে’লৱেৰ চিপিআৰঅ’ কপিঞ্জল কিশোৰ শৰ্মাই সদৰি কৰা মতে,২৫ আৰু ২৬ জুনত কাটিহাৰ, কিষানগঞ্জ আৰু ছামছিৰ আৰ পি এফৰ দলে বৃহৎ উদ্ধাৰ অভিযান চলাইছিল য’ত মুঠ ৫ জন পলায়ন কৰা কিশোৰক উদ্ধাৰ কৰি নিজ নিজ অভিভাৱক আৰু চাইল্ডলাইন কর্তৃপক্ষক গতাই দিয়া হয় ৷
একেদৰে ২৭ জুনত আৰ পি এফৰ এটা দলে কামাখ্যা ৰে’লৱে ষ্টেচনত ঘৰৰ পৰা পলায়ন কৰা এটি কিশোৰক উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত গতাই দিয়া হয় কামাখ্যাৰ চাইল্ড লাইনক।
আনহাতে ২৮ জুনত নিউ বঙাইগাঁৱত আৰ পি এফৰ এটা দলে অৰ্তকিতে অভিযান চলাই ৫ গৰাকী পলায়ন কৰা কিশোৰ আৰু এজন লোকক নিউ বঙাইগাঁৱত উদ্ধাৰ কৰে। পাছত কিশোৰ কেইটিক বঙাইগাঁৱৰ চাইল্ড লাইনত গতাই দিয়াৰ বিপৰীতে আন এজন লোকক বঙাইগাঁও জংচন থানাত ৰখা হয় ৷ ধৃত লোকজনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে আৰ পিএফে ৷
ইপিনে, নিউ কোচবিহাৰৰ আৰ পি এফৰ এটা দলে ২৯ জুনত নিউ কোচবিহাৰ ৰে’লৱে ষ্টেচনত নিৰুদ্দেশ হোৱা এজন লোকক উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত চিনাক্ত কৰি পৰিয়ালৰ হাতত নিৰাপদে চমজাই দিয়া হয় ।
উল্লেখ্য যে, মহিলা যাত্ৰী বিশেষকৈ অকলে যাত্ৰা কৰা যাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ওপৰত গুৰুত্বআৰোপ কৰি “মেৰী চাহেলি” আঁচনিৰ অধীনত আৰ পি এফৰ নিষ্ঠাবান লেডী স্কোয়াডসমূহে সক্ৰিয় আৰু সজাগ হৈ থাকে প্ৰতিমুহূৰ্তত৷ যাতে আৰ্তজনক তাৎক্ষণিক সহায় আগবঢ়াব পাৰে। এন এফ ৰে’লৱেই কয় যে তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টাই অসংখ্য মহিলা যাত্ৰীৰ বাবে এক সুৰক্ষিত ভ্ৰমণ নিশ্চিত কৰি আহিছে ৷






























