Pankaj Pathak:
সামাজিক মাধ্যমত জনপ্রিয় ‘আচার্য’ পংকজ পাঠকৰ তপামূৰৰ চুলি গজা শিৱিৰ বন্ধ কৰি দিলে কোকৰাঝাৰ আৰক্ষীয়ে। পূর্ব নির্ধাৰিত মতে বৃহস্পতিবাৰে ‘আচার্য’ পাঠকে কোকৰাঝাৰ জিলা ক্রীড়া সন্থাৰ চৌহদত ঔষধ বিতৰণ শিৱিৰআয়োজন কৰে। এই শিৱিৰৰ পৰা ঔষধ সংগ্ৰহৰ উদ্দেশ্যে পুৱাৰ পৰা লানি নিছিগা সোঁত বয় যদিও কিছু সময়ৰ পাছতে আৰক্ষীয়ে শিৱিৰ বন্ধ কৰি দিয়ে। এই সম্পৰ্কত কোকৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজ্যোতি ফুকনে কয় যে পাঠকে শিৱিৰ আয়োজনৰ বাবে অনুমতি বিচাৰি আবেদন কৰে যদিও তেওঁ অনুমতি নাপালে। ইয়াৰ পৰিপ্ৰেক্ষিতত শিৱিৰ বন্ধ কৰি দিয়ে বুলি ভাৰপ্ৰাপ্ত বিষয়া ফুকনে জনায়।
আনহাতে, গোৱালপাৰাত একাংশ উদণ্ড লোকে পাঠকক ৰাজহুৱাকৈ অপদস্থ কৰাৰ ঘটনাৰ প্ৰতিক্রিয়া অব্যাহত আছে। বৃহস্পতিবাৰে এই সন্দৰ্ভত তেওঁ অভিযোগ উত্থাপন কৰে যে লণ্ডনত কাম কৰা এজন অসমীয়া ব্যক্তিৰ মানুহ বুধবাৰৰ ঘটনাটোৰ স’তে জড়িত। আক্রমণকাৰীসকলে পূৰ্বৰে পৰা পৰিকল্পনা কৰি খাপ পিটি আছিল বুলিও উল্লেখ কৰি তেওঁ কয়, ‘আৰক্ষী আঁতৰি যোৱাৰ লগে লগে তেওঁৰ ওপৰত আক্রমণ চলে।
এনে অনাকাংক্ষিত ঘটনাৰ উমান তেওঁ আগদিনাই পোৱা বুলিও জানিবলৈ দি কয় যে চৰকাৰ বা প্রশাসনে অনুমতি নিদিলেও ৰাইজ তেওঁৰ লগত আছে আৰু ৰাইজে তেওঁক সহায় কৰিব। বুধবাৰৰ ঘটনাটোৰ স’তে কোনো ৰাজনীতিক জড়িত নাই বুলি মন্তব্য কৰি ঘটনাৰ স’তে ‘মেডিকেল মাফিয়া’ জড়িত থকা বুলি তেওঁ সন্দেহ প্রকাশ কৰে। পাঠকে লগতে দাবী কৰে যে তেওঁক পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে নিজৰ ৰাজ্যলৈ আমন্ত্রণ জনাইছে। অৱশ্যে আজি ৰাইজৰ উৎসাহ দেখি তেওঁৰ অসম এৰি যোৱাৰ মন নাই বুলি জানিবলৈ দিয়ে।
