চাৰি মাহত মহাৰাষ্ট্ৰত ২২ টা বাঘ, ৪০ টা নাহৰফুটুকীৰ মৃত্যু!

কিয় আৰু কেনেকৈ তেওঁলোকৰ মৃত্যু হ’ল? কি ব্যাখ্যা দিলে বনমন্ত্ৰীয়ে?

1751711345 leopard

Tiger: জানুৱাৰীৰ পৰা এপ্ৰিললৈকে। চলিত বছৰতে চাৰি মাহৰ ভিতৰত ২২টা বাঘ, ৪০টা নাহৰফুটুকী আৰু ৬১টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে বুলি বিধানসভাত জনাইছে মহাৰাষ্ট্ৰৰ বনমন্ত্ৰী গণেশ নাইকে।

কিয় বাঘৰ মৃত্যু হৈছে বিৰোধীদলৰ বিধায়কসকলে প্ৰশ্ন উত্থাপন কৰিছিল। সেই বাখ্যা দিওঁতে বনমন্ত্ৰীগৰাকীয়ে বিগত চাৰি মাহত মৃত্যু হোৱা বাঘৰ সংখ্যাৰ তথ্য দাঙি ধৰাৰ উপৰিও মৃত্যুৰ কাৰণৰ ওপৰতো আলোকপাত কৰে।

বনমন্ত্ৰীগৰাকীয়ে জনাইছে, ২২টা বাঘৰ ভিতৰত ১৩টা বাঘৰ স্বাভাৱিকভাৱে মৃত্যু হৈছে। বাকী নটা বাঘৰ ভিতৰত চাৰিটা বাঘ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে। পথ আৰু ৰে’ল দুৰ্ঘটনাত চাৰিটাৰ মৃত্যু হয় আৰু কুঁৱাত পৰি মৃত্যু হয় এটাৰ । আনটো বাঘৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই বুলি দাবী বনমন্ত্ৰীগৰাকীৰ।

তেওঁ লগতে জনাইছে,এই চাৰিমাহৰ ভিতৰত নাহৰফুটুকীৰো মৃত্যু হৈছে। সেই সংখ্যাও বৰ কম নহয়। মন্ত্ৰীগৰাকীৰ তথ্য অনুসৰি এই সময়লৈকে ৪০টা নাহৰফুটুকীৰ মৃত্যু হৈছে।

বনমন্ত্ৰীগৰাকীয়ে নাহৰফুটুকীৰ মৃত্যু কেনেকৈ হৈছিল আৰু ইহঁতৰ মৃত্যুৰ আঁৰৰ মূল কাৰণ কি সেই সন্দৰ্ভতো তথ্য প্ৰদান কৰে। তেওঁ জনাইছে, ৪০টা নাহৰফুটুকীৰ ভিতৰত আঠটা নাহৰফুটুকীৰ স্বাভাৱিকভাৱে মৃত্যু হৈছে।

আনহাতে দুৰ্ঘটনাত ২০ টা নাহৰফুটুকীৰ মৃত্যু হৈছে আৰু চোৰাং চিকাৰীৰ হাতত মৃত্যু হয় তিনিটা নাহৰফুটুকীৰ।

নটা নাহৰফুটুকীৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।তদুপৰি, বনমন্ত্ৰীগৰাকীয়ে জনাইছে, এই চাৰি মাহত ৬১টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ইয়াৰে ২৩ জনৰ স্বাভাৱিকভাৱে মৃত্যু হয়।

বিদ্যুৎস্পৃষ্ট হৈ চাৰিটাৰ মৃত্যু হোৱাৰ বিপৰীতে চোৰাং চিকাৰীৰ হাতত মৃত্যু হয় চাৰিটা। কুকুৰৰ আক্ৰমণ আৰু দুৰ্ঘটনাত ২৪টা বন্যপ্ৰাণীৰ মৃত্যু।

তদুপৰি, ছয়টা বন্যপ্ৰাণীৰ মৃত্যুৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। এই চাৰি মাহত বন্যপ্ৰাণীৰ আক্ৰমণত ২১ জন লোকৰো মৃত্যু হৈছে।

২০২২ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত ৰাজ্যত ১০৭ টা বাঘৰ মৃত্যু হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।এই সময়ছোৱাত ৰাজ্যত মুঠ ৭০৭ টা বন্যপ্ৰাণীৰ মৃত্যু হয়।

Exit mobile version