দেশত সলনি হ’ব টিআৰপিৰ নিয়ম

images 14

TRP: ✒️কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রণালয়ে টেলিভিছন ৰেটিং এজেন্সীৰ নীতি নির্দেশনা সংশোধনৰ পৰিকল্পনা প্ৰস্তুত কৰিছে।

চৰকাৰে টেলিভিছন ৰেটিং পইন্ট (টিআৰপি) ব্যৱস্থাত দেশজুৰি দৰ্শকৰ বিবিধ আৰু বিকশিত মিডিয়া উপভোগৰ অভ্যাসক প্ৰদৰ্শনৰ বাবে নতুন পদ্ধতি অৱলম্বনৰ কথা চিন্তা কৰিছে।

বৰ্তমানৰ টিআৰপি ব্যৱস্থাৰ ১.৫ আৰু ১.৭ ক্ল’জৰ নীতি আঁতৰ কৰাৰ প্ৰস্তাৱো আগবঢ়োৱা হৈছে। টিআৰপি নীতি সংশোধনৰ বাবে মন্ত্রণালয়ে দর্শক, টেলিভিছন সংস্থা, বিজ্ঞাপন সংস্থা আৰু অন্যান্য বিশেষজ্ঞৰ পৰা অহা এক আগষ্টৰ ভিতৰত দিহা-পৰামৰ্শ বিচাৰিছে।

উল্লেখ্য যে বর্তমানে ভাৰতত ব্রডকাষ্ট অডিয়েন্স ৰিছাৰ্চ কাউন্সিলে হৈছে একমাত্র সংস্থা যি টেলিভিছন চেনেলৰ অনুষ্ঠানক ৰেটিং প্রদান কৰি আহিছে। দেশত প্রায় ২৩০ নিযুত ঘৰত টেলিভিছন আছে, কিন্তু ইয়াৰে মাত্র ৫৮ হেজাৰ বাসগৃহতহে টিআৰপি নিৰ্ণয়ৰ বাবে বিশেষ মিটাৰ সংযোগ কৰা হৈছে।

এই ব্যৱস্থাৰে প্ৰকৃতাৰ্থত টিআৰপি নিৰ্ণয় কৰাটো বিভ্রান্তিকৰ বুলি উত্থাপিত অভিযোগ আঁতৰ কৰিবলৈ মন্ত্ৰণালয়ে সংস্কাৰ সাধনৰ এই পৰিকল্পনা প্ৰস্তুত কৰিছে।

Exit mobile version