Japanese encephalitis: ✒️ৰাজ্যত গুৰুতৰ ৰূপ ধাৰণ কৰিছে জাপানী এনকেফেলাইটিছ (জেই)-এ। জিলাই জিলাই সংক্রমিত লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি হৈছে। ইতিমধ্যে কে’বাজনো লোক মৃত্যুমুখত পৰিছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, জেইত আক্ৰান্তৰ সংখ্যা এই পর্যন্ত ১৭৮জনলৈ বৃদ্ধি হৈছে।
আনহাতে, এক বৃহৎসংখ্যক লোক জেই সদৃশ ৰোগত আক্ৰান্ত হৈছে। তেওঁলোকৰ তেজৰ নমুনাৰ ফলাফল অদ্যাপি ওলোৱা নাই। আনহাতে, এই ৰোগত মৃত্যু হৈছে ১৩ জন লোকৰ। বিভাগীয় তথ্য অনুসৰি, কামৰূপ আৰু নলবাৰী জিলাত ১৬ জনকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে।
একেদৰে বৰপেটা জিলাত ১৪ জন, দৰঙতো ১৪ জন, কামৰূপ মহানগৰত ১২ জন, নগাঁৱত ১১ জন, যোৰহাটত ১০ জন, শিৱসাগৰত ১০ জন, চৰাইদেউত পাঁচজন, মৰিগাঁৱত পাঁচজন, ধেমাজিত পাঁচজন, গোৱালপাৰাত পাঁচজন, বজালীত চাৰিজন, বঙাইগাঁৱত চাৰিজন, ধুবুৰীত চাৰিজন, গোলাঘাটত চাৰিজন, পূব কাৰ্বি আংলঙত চাৰিজন আৰু লখিমপুৰতো চাৰিজন এই ৰোগত আক্ৰান্ত হৈছে।
একেদৰে তিনিজনকৈ লোক আক্ৰান্ত হৈছে ওদালগুৰি আৰু চিৰাং জিলাত। দুজনকৈ লোক আক্রান্ত হোৱা জিলাকেইখন হ’ল বিশ্বনাথ, হোজাই, তিনিচুকীয়া আৰু ডিব্ৰুগড়। এজনকৈ লোক আক্রান্ত হৈছে কাছাৰ, কোকৰাঝাৰ, মাজুলী, শোণিতপুৰ, দক্ষিণ শালমাৰা আৰু পশ্চিম কাৰ্বি আংলং জিলাত।
উল্লেখ্য যে প্রতি বছৰে অসমত জেইত বৃহৎসংখ্যক লোক আক্রান্ত হৈ আহিছে। তেনেদৰে মৃত্যুও হৈ আহিছে। জেইত গুৰুতৰভাৱে আক্রান্ত হৈ কে’বাজনো লোকে চিৰদিনলৈ পংগুত্বক আঁকোৱালি ল’বলগীয়া হৈছে।যোৰহাটত এজন কিশোৰৰ মৃত্যু
জাপানী এনকেফেলাইটিছ ৰোগে যোৰহাটতো উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। বিগত সময়ছোৱাত চাৰিজনকৈ লোক জেইত মৃত্যু হোৱাৰ পাছত আজি ৰক্তিম দাস নামৰ এটি ১৬ বছৰীয়া কিশোৰৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জেএমচিএইছ)ত মৃত্যু হয়। যোৱা আঠ দিন ধৰি জেএমচিএইছত চিকিৎসাধীন হৈ থকা কিশোৰজনৰ ঘৰ যোৰহাট নগৰৰ বালিগাঁৱৰ জানখনাত।
উল্লেখ্য যে জেই সদৃশ ৰোগতো কে’বাজনো লোক জেএমচিএইছত চিকিৎসাধীন হৈ আছে। এই সন্দর্ভত জেএমচিএইছৰ অধীক্ষক ডাঃ মানৱ বৰগোহাঁইৰ স’তে যোগাযোগ কৰাত কিমানজনৰ মৃত্যু আৰু কিমানজন আক্রান্ত হৈ আছে, এই সন্দৰ্ভত প্ৰকৃত তথ্য দিয়াৰ পৰা বিৰত থাকিলেও জনায় যে ইতিমধ্যে কে’বাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন আক্রান্ত চিকিৎসাধীন হৈ আছে।
ইপিনে, এই ৰোগৰ প্রাদুর্ভাব ঘটা অঞ্চলসমূহত স্বাস্থ্য বিভাগৰ পৰা ঔষধি আঁঠুৱা প্ৰদান কৰিছে আৰু ৰাইজৰ সজাগতা সৃষ্টিৰ প্ৰয়াস চলাইছে বুলি কোৱা হৈছে। জেই প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ আহ্বান প্রাক্তন ছাত্ৰ সতীর্থ সম্মিলন যোৰহাট জিলা সমিতিয়ে।
যোৰহাট জিলা সমিতিৰ নিলোফাৰ ৰহমান আৰু সম্পাদক জীৱন চন্দ্ৰ হাজৰিকাই জিলা প্ৰশাসনক আহ্বান জনাইছে।






























