Reuters: ভাৰতত বন্ধ হৈ পৰিছে সংবাদ সংস্থা ৰয়টার্ছকে ধৰি কেবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক্স একাউণ্ট। দেওবাৰে পুৱাৰে পৰা একাউণ্ট খুলিব পৰা নাই।
ভাৰতীয় ব্যৱহাৰকাৰীসকলে একাউণ্টসমূহ খুলিলে দেখিবলৈ পোৱা গৈছে ,”কিছুমান আইনী দাবীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত এই একাউণ্টটো বন্ধ কৰা হৈছে।” বুলি এটা লিখনি ।
কি আইনী দাবী?তাৰ কোনো ধৰণৰ ব্যাখ্যা দিয়া হোৱা নাই। দিনটো আগবাঢ়ি যোৱাৰ লগে লগে এই সন্দৰ্ভত কেন্দ্ৰই এক বিবৃতি প্ৰকাশ কৰে।
য’ত উল্লেখ কৰা হৈছিল যে সংবাদ মাধ্যমৰ একাউণ্টৰ বিৰুদ্ধে এই কার্যৰ আঁৰত ভাৰত চৰকাৰ নাই৷ এই সমস্যা সমাধানৰ বাবে এক্স কৰ্তৃপক্ষৰ স’তে আলোচনা চলিছে।
ব্ৰিটিছ সংবাদ সংস্থা ৰয়টার্ছ। ইয়াৰ উপৰিও চীন কমিউনিষ্ট পাৰ্টিৰ মুখপত্ৰ গ্ল’বেল টাইমছ আৰু তুৰ্কীৰ সংবাদ মাধ্যম টি আৰ টি ৱৰ্ল্ড ভাৰতত ব্লক কৰা হৈছে। ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই দেওবাৰে এক বিবৃতিত কয়, ‘ভাৰত চৰকাৰৰ কোনো বাধ্যবাধকতা নাই যে সংবাদ সংস্থা ৰয়টার্ছক বাধা দিব। আমি সমস্যাটো সমাধানৰ চেষ্টা কৰিছো আৰু এক্স কৰ্তৃপক্ষৰ স’তে কথা পাতিছো।”
সূত্ৰ অনুসৰি এই সংবাদ মাধ্যমসমূহৰ বিৰুদ্ধে বহু আগতেই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও এই ব্যৱস্থা দেৰিকৈ লোৱা হৈছিল। হয়তো অতি সোনকালে একাউণ্টসমূহ পুনৰ মুকলি কৰা হ’ব।
উল্লেখ্য যে,ৰয়টাৰ, গ্ল’বেল টাইমছ বা টি আৰ টি ৱৰ্ল্ডৰ মূল ৱেবছাইট বন্ধ হোৱা নাই। ৱেবছাইট খুলি তেওঁলোকৰ বাতৰি পঢ়িব পাৰিব। কেৱল X একাউণ্ট বন্ধ কৰা হৈছে। ভাৰতৰ বহু লোকে সেই সকলোবোৰ একাউণ্ট ফ’ল’ কৰে।।






























