Assam Joint Citizens Convention:বিজেপিক হৰুৱাবলৈ সাপ-নেউল এক হ’ব

সম্মিলিত নাগৰিক অভিৱৰ্তনৰ সামৰণি, আজিয়ে মিত্রতা চূড়ান্ত কৰিবলৈ উন্মুখ বিৰোধী, ব্যতিক্ৰম কংগ্ৰেছ, কথাৰে নহয়, কামেৰে আচল মিত্ৰতা দেখুৱাব লাগিব: গগৈ

ita

Assam Joint Citizens Convention:

আগন্তুক বৰ্ষত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত এআইইউডিএফক বাদ দি অন্যান্য বিৰোধী দলবোৰে ঐক্যবদ্ধভাবে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব নে সেয়া নিশ্চিত নোহোৱাকৈয়ে দেওবাৰে সামৰণি পৰে দুদিনীয়া অসম সম্মিলিত নাগৰিক অভিৱৰ্তনৰ।

অৱশ্যে কংগ্ৰেছৰ বাদে আন দলবোৰে আজিয়ে মিত্রতাক চূড়ান্ত ৰূপ দিয়াৰ ক্ষেত্ৰত দৃঢ়তা প্রকাশ কৰে। তাৰ বিপৰীতে কংগ্রেছে মিত্রতাক নাকচ নকৰি কয় যে নির্বাচনৰ লগত কথা পাতিব। সকলোৰে কথা শুনিব। ইতিমধ্যে কে’বাটাও দলৰ লগত কথা-বতৰাও হৈছে।

কেৱল মাত্ৰ তাক ৰাজহুৱা কৰা হোৱা নাই। প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ‘মিত্রতা কথাৰে নহয়, কামেৰে হ’ব লাগিব। কামেৰে দেখুৱাই দিব লাগিব যে আমি আচল মিত্র আগন্তুক নির্বাচনটোত কংগ্রেছে অকলে নেখেলে। সকলোৰে লগত কথা পাতি আমি আগবাঢ়ি যাম।’

উল্লেখ্য যে ৰাজ্যৰ বিৰোধী দলবোৰক ঐক্যবদ্ধ কৰি বিজেপিক বিধানসভা নির্বাচনত পৰাভূত কৰাৰ লক্ষ্যৰে অসম সম্মিলিত নাগৰিক অভিৱৰ্তন শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয়। অসম নাগৰিক সমাজৰ উদ্যোগত গুৱাহাটীৰ আইটিআই মাছখোৱা প্রকল্পত অনুষ্ঠিত এই অভিবৰ্তনত অসমৰ বিৰোধী ৰাজনৈতিক দলৰ সভাপতি আৰু প্রতিনিধিসকলে ভাষণ প্রদান কৰি তেওঁলোক মিত্ৰতাৰ বাবে আগ্রহী বুলি উল্লেখ কৰে।

চিপিআই (এম)ৰ হৈ জ্যেষ্ঠ নেতা হেমেন দাসে কয় যে কোনো এটা ৰাজনৈতিক দলৰে বিজেপিক অকলে পৰাজিত কৰিব পৰা শক্তি এতিয়া নাই। গতিকে বাকী দলবোৰ ঐক্যবদ্ধ হ’বই লাগিব। ঐক্যবদ্ধ হৈ চৰকাৰৰ মূল শক্তিতে আঘাত হানি ৰাইজক বিৰোধীৰ হকে ভোট দিবলৈ পৰিৱেশ সৃষ্টি কৰাৰ পৰামৰ্শও দাসে ভাষণত আগবঢ়ায়। তেওঁ কয়, ‘বিজেপিৰ মূল শক্তি হ’ল আৰএছএছ।

সেই আৰএছএছৰ বিৰুদ্ধে যুঁজাৰ শক্তি কাৰো নাই। কাৰণ আৰএছএছ গাঁৱে-ভূঞে মানুহৰ ঘৰে ঘৰে সোমাইছে। মানুহবোৰক ভয় খুৱাইছে যে বিজেপিক ভোট নিদিলে তেওঁলোকে অৰুণোদয়ৰ ১২৫০ টকা নাপাব, বিনামূলীয়া চাউল নাপাব। আমাৰ দায়িত্ব হ’ব লাগিব মানুহক কথাবোৰ আচল ধৰণে বুজোৱাৰ। মানুহক আমি পতিয়ন নিয়াব লাগিব যে সেই ১২৫০ টকা অথবা বিনামূলীয়া চাউলৰ টকা বিজেপিয়ে নিজৰ পুঁজিৰ পৰা দিয়া নাই। আমাৰ পৰাই কাটি বথা কৰৰ পৰাহে দিছে। মানুহক আমি অকলে বুজালেই নহ’ব। সকলো গণতান্ত্রিক দল আৰু ব্যক্তিয়ে ঐক্যবদ্ধ হৈ বুজাব লাগিব। সেই কাৰণে বিৰোধীৰ মাজত ঐক্যবদ্ধ মিত্রতা হ’বই লাগিব। আমি সদায় সাজু হৈ আছো। সোনকালে এই মিত্রতা হ’ব লাগে।’

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও কয় যে বিৰোধী ঐক্যবদ্ধ হ’বই লাগিব। হোৱাটোও খাটাং; কিন্তু তাৰ কাৰ্যকৰীকৰণ কেতিয়া আৰু ক’ৰ পৰা হ’ব, সেইটোহে চূড়ান্ত কৰিব লাগে। বিজেপিক উৎখাতৰ পৰিৱেশ গঢ়ি উঠিছে বুলি দাবী কৰি গগৈয়ে কয়, ‘আমি কি কি বিষয় লৈ ৰাইজৰ ওচৰলৈ যাম, সেইটো এতিয়া চূড়ান্ত কৰিব লাগে। হিতাধিকাৰী আঁচনিবোৰৰ মাজত থকা সুৰুঙা আমি বিচাৰিব লাগিব। অমানবীয় উচ্ছেদ, নিবনুৱা সমস্যা, ভাষা-সংস্কৃতি ৰক্ষা, নদীবান্ধ, বান-খহনীয়াৰ ভয়াৱহতা, ভুৱা এনকাউণ্টাৰ, মূল্যবৃদ্ধি আদি বিষয়বোৰ কেনেকৈ মানুহৰ মাজলৈ নিব পাৰি, তাৰ আৰ্হি প্ৰস্তুত কৰিব লাগিব।’

ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে দাবী কৰে যে কংগ্ৰেছৰ বাদে আন বিৰোধী দলবোৰ মিত্রতাক লৈ সম্পূর্ণ সাজু হৈ আছে। কংগ্রেছে সিদ্ধান্ত দিলেই সকলো একেলগ হৈ পৰিব। অসমৰ মানুহে বিৰোধী ঐক্য কেতিয়া গঢ় লৈ উঠিব, তাকে লৈ উদগ্রীব হৈ আছে বুলি ভাষণত উল্লেখ কৰি গগৈয়ে কয়, ‘কংগ্ৰেছে একলগ হোৱাৰ কথা ক’লেই আমি সকলো দল আগবাঢ়ি যাম। আজিয়ে যদি কংগ্রেছে মিত্রতা হ’ব বুলি কৈ দিয়ে, আমি আৰু ৰৈ নাথাকো আমি আগবাঢ়ি যাম।

এই মিত্রতা হ’লে ৰাজ্যত বিজেপি চৰকাৰ ওফৰি যোৱাটো খাটাং। আমি এমাহ গোটেই অসমখন ঘূৰিলেই হিমন্ত বিশ্ব শর্মাই নির্বাচন নেখেলে বুলি কৈ দিবলৈ বাধ্য হ’ব।  আমি মিত্রদল হিচাপে কেইটামান চর্ত মানি ল’ব লাগিব। যি সমষ্টিত কংগ্রেছ শক্তিশালী তাত কংগ্রেছে প্রার্থিত্ব দিব লাগিব। য’ত কংগ্ৰেছৰ শক্তি কম, তাত যিটো মিত্ৰদলৰ প্ৰভাৱ বেছি, সেইটো এৰি দিব লাগিব আৰু সকলোৱে প্রার্থীজনক সহায় কৰিব লাগিব।

যিটো সমষ্টিত কোনো এটা দলেই শক্তিশালী নহয়, তাত এজন উমৈহতীয়া প্রার্থী থাকিব লাগিব। মুঠতে বিজেপিৰ বিৰুদ্ধে প্ৰতিটো সমষ্টিত বিৰোধীৰ এজন প্রার্থী থাকিব লাগিব।’ চিপিআইৰ কনক গগৈয়েও কয় যে বিৰোধী ঐক্য কেতিয়া হ’ব বুলি ৰাইজে অপেক্ষা কৰি আছে। ইয়াৰ লগতে বিজেপিৰ দুৰ্বলতাবোৰত আঘাত হানি বিৰোধী ৰাইজৰ মাজত সোমাব লাগিব বুলিও গগৈয়ে কয়।

আনহাতে, ভাষণত গৌৰৱ গগৈয়ে পুনৰ কয় যে অতি সতর্কতাৰে কংগ্ৰেছ বিষয়বোৰত আগবাঢ়িছে। ইয়াৰ পূর্বেও কংগ্রেছে নির্বাচনী মিত্রতা কৰিছিল। সেই মিত্রতা সফল নহ’ল। কিয় নহ’ল তাৰ পৰ্যালোচনা কৰি থকা হৈছে। প্রসংগক্রমে প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয় যে অহা বিধানসভা নির্বাচনত এখন যুঁজ হ’ব। এই যুঁজৰ বাবে তেওঁলোকে ৰাইজকো সজাগ কৰিব লাগিব।

সমাজৰ সৰ্বস্তৰৰ লোকক লগত লৈ তেওঁলোক আগবাঢ়িব বিচাৰিছে। এইদৰে আগবাঢ়িলে ৰাজ্যৰ পৰৱৰ্তী চৰকাৰখন ৰাইজৰ নেতৃত্বত গঠন হ’বই বুলিও তেওঁ দৃঢ়তা প্রকাশ কৰে। প্ৰসংগক্রমে গৌৰৱ গগৈয়ে অভিযোগ কৰে যে অসমৰ এক বৃহৎ সংখ্যক লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্র চলিছে। যোৱা পঞ্চায়ত নির্বাচনতো তাৰ উদাহৰণ দেখা যায় লোকসভা নির্বাচনত ভোটদান কৰা বহু লোকৰ নাম পঞ্চায়তৰ ভোটাৰ তালিকাত সন্নিবিষ্ট নহ’ল।

বিজেপি আৰু আৰএছএছে মানুহৰ ভোটৰ অধিকাৰ কাঢ়ি নিবলৈ ধৰিছে বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে সক্ৰিয়তাৰে কাম কৰিব লাগিব বুলি তেওঁ কয়। ভাষাত প্রদেশ কংগ্ৰেছৰ সভাপতিজনে বিধানসভা নির্বাচনত বিজেপিৰ সমান শক্তিৰে কংগ্ৰেছেও কাম কৰিব বুলি উল্লেখ কৰে। গগৈয়ে কয়, ‘আমাৰ কংগ্ৰেছো  এটা বৃহৎ আৰু শক্তিশালী দল বিজেপিয়ে নির্বাচনী প্ৰচাৰত নিজৰ চৰকাৰ থকা ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক অৱতীৰ্ণ কৰাব। আমাৰো চৰকাৰ আছে। আমিও মুখ্যমন্ত্রীসকলক আনিম। মুঠতে অহা নির্বাচন যথেষ্ট মনোৰঞ্জনমূলক হ’ব। তাৰ বাবে আমি পৰিবেশ গঢ়িম। যোৰহাটত মোক ৰাইজে জিকাইছিল। এই নির্বাচনো আমি ৰাইজৰ জৰিয়তে জিকিম।’

ইপিনে, অভিবর্তনত আদৰণি ভাষণ দি ড: হীৰেন গোহাঁয়ে মন্তব্য কৰে যে বিজেপিয়ে দেশবিৰোধী, সংবিধান বিৰোধী চক্রান্তবোৰ মুকলিকৈ কৰিছে। ইয়াত চৰকাৰেই আগভাগ লৈছে। সেই চক্ৰান্তৰ বিৰুদ্ধে নাগৰিক সমাজে সংগ্রামত লিপ্ত হ’ব লাগিব বুলি উল্লেখ কৰি ড: গোহাঁয়ে কয়, ‘সংবিধানে চৰকাৰকো সমালোচনাৰ অধিকাৰ দিছে। কাৰণ চৰকাৰ ৰাইজে পাতি দিয়ে। যদি চৰকাৰেই সংবিধান নামানে, তাৰ বিৰুদ্ধে আমাৰ মাত মতাৰ অধিকাৰ আছে।

আজিৰ প্ৰেক্ষাপটত দেখা গৈছে যে সংবিধানে দিয়া স্বাধীনতা, ক্ষমতা হ্রাস কৰা হৈছে। তাৰ পৰিৱৰ্তে বিভেদ সৃষ্টি কৰা হৈছে। ৰাইজে নিজৰ অধিকাৰৰ হকে আজিৰ চৰকাৰৰ দিনত মাত মাতিব নোৱাৰা হৈছে। আমি শাসক পক্ষক সামান্য মুকলিকৈ সমালোচনা কৰিলেই আমাৰ বিৰুদ্ধে অপশক্তিৰ মূৰ দাঙি উঠে। মাত মাতিব নোৱাৰা পৰিৱেশ গঢ়ি তোলা হৈছে। আমি দেখিছো যে চৰকাৰে জনসাধাৰণৰ পৰিৱৰ্তে ধনকুবেৰকহে মর্যাদা দিছে। এচাম দুর্মতি মানুহৰ বাবে আমি অত্যাচাৰ সহিব লগা হৈছে। ইয়াৰ বিৰুদ্ধে আমি সংগ্রামত জড়িত হ’ব লাগিব। এই সংগ্ৰামৰ নিৰ্বাচনত জয়লাভ কৰাটো আমাৰ লক্ষ্য। বিজেপিৰ বিরুদ্ধে আজি সচেতন বাইজ উদ্বিগ্ন।

একে সময়তে এই কথাও লক্ষ্য কৰা হৈছে যে বিৰোধীয়ে নিৰ্ভৰযোগ্য বিকল্প ৰূপত থিয় দিব পৰা নাই। ৰাইজৰ নিৰ্ভৰযোগ্য হ’ব লাগিব বিৰোধী। এইটো স্পষ্ট কথা যে সকলো বিৰোধী প্রকৃতার্থত ঐক্যবদ্ধ নহ’লে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াটো অলীক কল্পনা মাথোঁ।’

বিশিষ্ট সমাজকর্মী যোগেন্দ্র যাদবে ২০২৬ৰ বিধানসভা নির্বাচনক লৈ তিনিটা বিশেষ মত প্রকাশ কৰে। প্ৰথম মতটো হ’ল- আগন্তুক নির্বাচনটো কেৱল ৰাজনৈতিক দলৰ যুঁজ নহয়, ই হ’ব সভ্যতা-সংস্কৃতি ৰক্ষাৰো যুঁজ। দ্বিতীয়তে, এইখন যুঁজৰ বাবে বিৰোধী দলবোৰে নিজৰ মাজত থকা মতপার্থক্য এৰি একগোট হ’ব লাগিব। তৃতীয়তে, মিত্ৰদলৰ কোনেও কাৰো বিৰুদ্ধে কথা ক’ব নোৱাৰিব। অসমৰ বিৰোধী শক্তি ঐক্যবদ্ধ হ’বলৈ আৰম্ভ হোৱাৰ লগে লগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰো চকী কঁপিবলৈ আৰম্ভ কৰা বুলি যাদবে মন্তব্য কৰে। তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক গুজৰাটৰ কলংক আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক অসমৰ কলংক আখ্যা দিয়ে।

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয় যে বিৰোধী দলবোৰে বিচাৰে নে নিবিচাৰে তেওঁ নাজানে; কিন্তু ৰাইজে বিৰোধী ঐক্য বিচাৰিছে। বিজেপিক হৰুৱাবলৈ সাপ-নেউল এক হ’বই লাগিব বুলিও ভূঞাই মন্তব্য কৰে। হৰা-জিকা পাছৰ কথা; কিন্তু যুঁজ দিবই লাগিব। সেই যুঁজ যদি ৰাইজে বিচৰা ধৰণে হয়, তেন্তে বিৰোধী ঐক্যই নির্বাচনত জয়লাভ কৰাটো খাটাং বুলি ভূঞাই কয়।

বিশিষ্ট সমাজকর্মী ৰশ্মি গোস্বামীয়ে কয় যে চৰকাৰৰ চমকবোৰৰ অন্তৰালৰ কাহিনীবোৰ মধ্যবিত্ত সমাজখনত প্রতিষ্ঠা কৰিব লাগিব আৰু তাৰ বাবে কথাবোৰ বাৰে বাৰে আওৰাব লাগিব। এনেদৰে বিজেপি চৰকাৰক উৎখাতৰ ৰণকৌশল সদৰী কৰি গোস্বামীয়ে কয়, ‘আজি ইখনৰ পাছত সিখন উৰণীয়া সেতু হৈছে। বাহ্যিকভাবে মানুহে উন্নয়ন দেখিছে। তাৰ বিনিময়ত আমি চৰকাৰক আমাৰ স্বাধীনতা দিছো, অধিকাৰ দিছো। নিৰ্বাচনৰ সময়ত বাগানৰ লোকক পাঁচ হেজাৰ টকাকৈ দি তাৰ বিনিময়ত মাটি কাঢ়ি নিয়া হৈছে। দেশ হিচাপতো আজি ভাৰতৰ গৰিমা নাই। চুবুৰীয়া দেশৰ লগত ভাৰতৰ সম্পৰ্ক আজি বেয়া। এই সকলো কথা আমি মানুহৰ মাজলৈ বাৰে বাৰে লৈ যোৱাটো উচিত।’

অৱসৰপ্ৰাপ্ত অধ্যাপক ড° আব্দুল মান্নানে নাম প্রকাশ নকৰাকৈ এটা সংবাদ মাধ্যমৰ উদ্ধৃতি দি কয় যে আৰএছএছৰ লোকৰ দ্বাৰা পৰিচালিত প’র্টেল এটাৰ তথ্য অনুসৰি, হিমন্ত বিশ্ব শর্মাতকৈ মাত্র ০.০৮ শতাংশতহে জনপ্রিয়তাৰ ক্ষেত্ৰত পিছপৰি আছে গৌৰৱ গগৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোক এই অনুষ্ঠানত উপস্থিত থাকে।

Exit mobile version