Cachar Police Raid :
কাছাৰ জিলাত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ। দেওবাৰে নিশা কাছাৰ জিলাৰ দুই স্থানত অভিযান চলাই আৰক্ষীয়ে বুজণ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে। সোণাই সমষ্টিৰ কচুদৰম এলেকাৰ দিদাৰখুছ চতুৰ্থ খণ্ডত অভিযান চলাই কচুদৰম আৰক্ষীয়ে ১৪. ৩৪০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিছে।
বাহন খনৰ গোপন চেম্বাৰৰৰ পৰা আৰক্ষীয়ে হেৰ’ইন ভৰ্তি ১০ টা চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ১০৮ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। নিষিদ্ধ হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এগৰাকী মহিলা সহ নগাঁও জিলাৰ চাৰি গৰাকী ব্যক্তিক আটক কৰে।
ধৃত ব্যক্তি কেইজন জুৰিয়া উদমাৰীৰ ইক্ৰামুল ইছলাম আৰু ইছমাহিল, মাহগুৰিৰ নজমুল উদ্দিন আৰু চলচলি কাটিমাৰীৰ লিলিমা খাতুন। জব্দ কৰা এই নিচাজাতীয় সামগ্ৰী খিনিৰ মূল্য প্ৰায় ৭০ লাখ টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। জব্দ কৰা হেৰ’ইন খিনি কাছাৰৰ মাজেৰে নগাঁৱলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ ব্যৱসায়ী কেইজনে।
