Hundreds of pig brought by train are seized:
অসম চৰকাৰে বহিঃৰাজ্যৰ গাহৰি আমদানিত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো দুষ্টচক্রই বহিঃৰাজ্যৰ পৰা গাহৰি সৰবৰাহ অব্যাহত ৰাখিছে। সুদূৰ তামিলনাডুৰ পৰা ৰেলত অনা শতাধিক গাহৰি দেওবাৰে পুৱা শ্ৰীৰামপুৰত পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিভাগে জব্দ কৰে। উজনিমুৱা বিবেক এক্সপ্ৰেছ ৰেলত এই গাহৰিবোৰ দুষ্টচক্ৰই অনাৰ তথ্য লাভ কৰি পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিভাগৰ এটা দল পুৱা শ্ৰীৰামপুৰ ৰেল ষ্টেচনত উপস্থিত হৈ গাহৰিভর্তি দবাটো ষ্টেচন মাষ্টাৰৰ সহযোগত বিচ্ছিন্ন কৰি ৰেলখন যাবলৈ দিয়ে।
দবাটোত ১০৪ টা উন্নত প্রজাতিৰ গাহৰি থকা বুলি সূত্রই জনায়। সূত্রই জনোৱা মতে, এই শতাধিক গাহৰি শ্ৰীৰামপুৰস্থিত এছডি লাইফস্টক এণ্ড ছেল্টাৰ হাউছত ৰখা হ’ব। অৱশ্যে এই শতাধিক গাহৰি সৰবৰাহৰ স’তে জড়িতৰ তথ্য পোহৰলৈ অহা নাই। ইপিনে, চৰকাৰী নিষেধাজ্ঞা উলংঘা কৰি ৰেলত গাহৰি সৰবৰাহ কাৰ্য শীঘ্ৰে বন্ধ নকৰিলে তীব্র প্রতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে সদৌ অসম গাহৰি পালক সন্থাই।
ৰেলত গাহৰি সৰবৰাহৰ প্ৰতিবাদ জনাই দেওবাৰে পুৱা কোকৰাঝাৰত গাহৰি পালক সন্থাই ৰেল অৱৰোধ কাৰ্যসূচী লয় যদিও আৰক্ষীয়ে এই কাৰ্যসূচী ব্যর্থ কৰে। যোৱা নিশা সন্থাৰ বিষয়ববীয়া তথা সদস্যবর্গ কোকৰাঝাৰ ৰেল ষ্টেচ্ছনত উপস্থিত হয়। পাছত তেওঁলোকক কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰি কোকৰাঝাৰ থানালৈ লৈ যায়। বেলত দুষ্টচক্ৰই গাহৰি সৰবৰাহ কৰা কাৰ্যক থলুৱা গাহৰি পালকসকলক ভাতে মৰাৰ ষড়যন্ত্র বুলি অভিহিত কৰিছে গাহৰি পালক সন্থাই।
আনহাতে, অসম চৰকাৰে শেহতীয়াভাৱে গাহৰি সৰবৰাহৰ ক্ষেত্ৰত বলৱৎ কৰা এছঅপি অনুসৰি দায়িত্ব পালন নকৰা আৰু কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিভাগে গোসাঁইগাঁও পশুপালন বিষয়া ডাঃ তাৰিণীকান্ত কলিতা আৰু শ্ৰীৰামপুৰ তালাচী চকীত নিয়োজিত পশু চিকিৎসক ডাঃ গৌতম মজুমদাৰক যোৱা নিশা এক জৰুৰী নির্দেশযোগে নিলম্বন কৰে।
