Apple suffered a huge loss:
চীনত বিদেশী স্মার্টফোনৰ ব্ৰেণ্ডৰ জনপ্রিয়তা ধাৰাবাহিকভাবে হ্রাস পাবলৈ ধৰিছে। মে’ ২০২৫ত বিদেশী কোম্পানীয়ে তৈয়াৰ কৰা স্মার্টফোনৰ বিক্ৰী যোৱা বছৰৰ তুলনাত চীনত ৯.৭ শতাংশ হ্রাস পালে। চীন হৈছে স্মার্টফোনৰ এখন বৃহৎ বজাৰ আৰু সম্প্রতি স্থানীয় ব্ৰেণ্ডৰ প্ৰযুক্তিৰ উন্নয়ন, কম মূল্য আৰু দেশভক্তি আধাৰিত মার্কেটিঙৰ ফলত দেশখনত বিদেশী ব্রেণ্ডে প্রবল প্রতিযোগিতাৰ সন্মুখীন হৈছে।
চীনত সর্বাধিক বিক্রীত বিদেশী স্মার্টফোন ব্রেন্ড হিচাপে পৰিচিত এপেলৰ বিক্ৰী হ্ৰাসৰ ফলত কোম্পানীটোৱে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। বিক্রী হ্ৰাসৰ ফলত সম্প্রতি এপেলে জনপ্রিয় আইফোন ১৬ মডেলত ৩৫১ ডলাৰলৈকে মূল্য ৰেহাই দিছে। মে’ত চীনত বিদেশী ব্ৰেণ্ডৰ স্মার্টফোনৰ বিক্ৰী ৪.৫৪ নিযুত ইউনিটলৈ হ্রাস পালে |






























