Eviction in Bilasipara :বিলাসীপাৰাৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি

প্ৰশাসনৰ এক্সকেভেটৰত বেদখলকাৰীৰ আক্ৰমণ,শিল-লাঠিৰে আক্ৰমণ বেদখলকাৰীৰউচ্ছেদৰ স্থানলৈ যোৱা অৱস্থাত চাপৰত আটক অখিল গগৈ

eviction 1

Eviction in Bilasipara :

গোৱালপাৰাৰ হাছিলা বিলৰ পাছত আজিৰে পৰা ধুবুৰীৰ চাপৰৰ চৰুৱা বাক্রা অঞ্চলত পুৱাৰে প্ৰশাসনে বুলড’জাৰে উচ্ছেদ চলাবলৈ আৰম্ভ কৰোতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ উচ্ছেদস্থলীত প্ৰশাসনৰ এক্সকেভেটৰত একাংশ বেদখলকাৰীয়ে দলবদ্ধভাৱে আক্ৰমণ কৰে ৷ হাতে লাঠি -বাঁহ আৰু শিলৰে ভাঙিলে কেইবাখনো এক্সকেভেটৰ ৷ একেদৰে আৰক্ষীকো আক্ৰমণ কৰে বেদখলকাৰীয়ে।

আনহাতে পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰাত  ধুবুৰীৰ আৰক্ষী চাউনিৰ পৰা অতিৰিক্ত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ দল উপস্থিত হয় উচ্ছেদস্থলীত | পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে খোদ জিলা খনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে তদাৰক কৰিছে ৷  বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে চাপৰত ৷

জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে সংবাদ মাধ্যমক জানিব দিয়া মতে উচ্ছেদত বাধাৰোপ কৰি যিসকলে পৰিস্থিতি উত্তপ্ত কৰি দিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ উল্লেখ্য যে,বিলাসীপাৰাৰ চাপৰত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান । ৩ হাজাৰ ৫ শ বিঘা মাটিত চলিছে প্ৰশাসনৰ উচ্ছেদ। একেদিনাই ১০ হাজাৰ পৰিয়ালৰ বাসগৃহত চলিছে বুলড’জাৰ। উচ্ছেদিত ভূমিত আদানী গ্রুপে নিৰ্মাণ কৰিব বৃহৎ তাপ বিদ্যুৎ প্রকল্প।

আনহাতে বিলাসীপাৰাৰ উচ্ছেদস্থলীলৈ যাব বিচৰা বিধায়ক অখিল গগৈক চাপৰতে আটক কৰে । ইতিমধ্যে গগৈক চাপৰ থানালৈ লৈ যোৱা হয় ৷ তেওঁ সামাজিক মাধ্যমক নিজেই আটকৰ কথা সদৰি কৰে ৷ ইপিনে সাংবাদিকৰে হোৱা বাৰ্তালাপত শিৱসাগৰৰ বিধায়ক জনে উল্লেখ কৰে যে,এই উচ্ছেদ অবৈধগুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যেই এবাৰ, দুবাৰ নহয় তিনিবাৰকৈ স্থগিতাদেশ জাৰি কৰিছিল ৷ তাৰ পিছতো বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ ওপৰত দাদাগিৰি দেখুৱাই আতংকিত কৰি উচ্ছেদ চলাইছে ৷

উচ্ছেদিত অঞ্চলৰ কে’বাজনো লোকে তেওঁক গুৱাহাটীত লগ পাওতে কৈছিল যে তেওঁলোকক সংস্থাপনৰ বাবে সুকীয়া ভূমি আৱন্টন দিয়ক চৰকাৰে ৷ গগৈয়ে আৰু কয় যে,আজি পুৱা মুখ্যমন্ত্ৰীৰ স’তে আলোচনা কৰি উচ্ছেদিত লোকসকলক অন্তত সকলোৱে ডেৰকঠা মাটি লাভ কৰাকৈ ৫০০ বিঘা মাটি দিয়াৰ দাবী কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰৰ মুখ্যমন্ত্ৰীয়ে কয় এই সন্দৰ্ভত ধুবুৰীৰ আয়ুক্তক কোৱা হৈছে ৷ তেওঁৰ লগত আলোচনা কৰা ৷ আৰু আজি চাপৰলৈ অহাৰ পিছত ধুবুৰীৰ আয়ুক্তৰ স’তে ফোনযোগে মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি গগৈয়ে উল্লেখ কৰা বুলি কয় ৷

আনহাতে আয়ুক্ত গৰাকীয়ে লিখিতভাৱে এখন পত্ৰ দিয়াৰ কথা কয় বুলি উল্লেখ কৰি বিধায়ক গগৈয়ে কয়,চাপৰৰ উচ্ছেদৰ বুজ ল’বলৈ আহিছো ৷ কিন্ত উচ্ছেদৰ বিৰোধিতা কৰিবলৈ গৈ যাতে কোনেও আইন হাতত তুলি নলয় তাৰে বাবে বেদখলকাৰী সকললৈ আহ্বান জনায় |

Exit mobile version