Kedarnath Yatra:প্ৰতিকূল বতৰৰ কাৰণত পুনৰ স্থগিত কেদাৰনাথ যাত্রা

kedarnath

Kedarnath Yatra:

প্ৰৱল বৃষ্টিৰ কাৰণত কেদাৰনাথ যাত্রা সাময়িকভাৱে স্থগিত হ’ল। এই তীর্থযাত্রাত অংশ লোৱা ভক্তক সোনপ্রয়াগ আৰু গৌৰীকুণ্ডত আশ্রয় দিয়া হৈছে। বতৰ বিজ্ঞান বিভাগে আজি ৰুদ্ৰপ্ৰয়াগ আৰু চমোলি জিলাত প্ৰৱল বৃষ্টিৰ সতৰ্কতা জাৰি কৰাৰ পাছতে কেদাৰনাথ যাত্রা স্থগিত ঘোষণা কৰা হয়।

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ আৰু আশে-পাশে থকা অঞ্চলত প্ৰৱল বৃষ্টিৰ ফলত অলকানন্দা নদীৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে। ইফালে, উত্তৰাখণ্ডৰ চাৰি জিলাত প্ৰৱল বৃষ্টিৰ কাৰণত ভূস্খলন অব্যাহত আছে। ভূমিস্খলনৰ ফলত কেদাৰনাথৰ পৰা উভতি অহা ৪০ তীর্থযাত্রী আবদ্ধ হৈছিল আৰু পাছত এছডিআৰএফে তেওঁলোকক উদ্ধাৰ কৰে ৷

Exit mobile version