Clarification Issued:✒️স্নাতক শিক্ষক হ’বলৈ হ’লে এজন প্রার্থী অংকক গুৰু বিষয় হিচাপে লৈ অধ্যয়ন কৰাৰ উপৰি পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ যিকোনো এটা বিষয় পাচ ক’র্চ হিচাপে অধ্যয়ন কৰাটো বাধ্যতামূলক।
কালি অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে এই নির্দেশনা জাৰি কৰে। সম্প্ৰতি ৰাজ্যৰ ছটা মণ্ডলত ভিন ভিন বিষয়ৰ স্নাতক শিক্ষক পদত নিযুক্তিৰ বাবে নথি পৰীক্ষণ পর্যায় অব্যাহত আছে।
গণিত বিষয়ৰ নথি পৰীক্ষণত সৃষ্টি হয় ব্যাপক খেলিমেলি। ‘পাচ ক’ৰ্চ’ৰ বিষয়ক লৈয়ে এই খেলিমেলিৰ সৃষ্টি হয়। উল্লেখ্য যে গণিতৰ স্নাতক শিক্ষক পদৰ বাবে এনে বহু প্রার্থীয়ে আবেদন জনাইছে, যিসকলে পাচ ক’র্চ হিচাপে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান অথবা জীৱ বিজ্ঞান কোনো এটা বিষয় পাচ ক’র্চ হিচাপে অধ্যয়ন কৰা নাই।
তেওঁলোকে অন্য বিষয় পাচ ক’র্চ হিচাপে লৈহে গণিত গুৰু বিষয়ত উত্তীর্ণ হৈছিল। সেইসকল প্রার্থীয়ে নথি পৰীক্ষণৰ সময়ত তীব্র আপত্তি দর্শায়। ইয়াৰ ফলত গণিতৰ স্নাতক শিক্ষক পদৰ নথি পৰীক্ষণ স্থগিত ৰখা হয়।
তাৰ পাছতে কালি মাধ্যমিক শিক্ষা সেৱা বিধিত উল্লেখ থকাৰ যুক্তিৰে শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰে যে গণিতক গুৰু বিষয় হিচাপে লৈ অধ্যয়ন কৰাৰ লগতে প্রার্থীজনে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান অথবা জীৱ বিজ্ঞানৰ যিকোনো এটা বিষয় পাচ ক’র্চ হিচাপে অধ্যয়ন কৰা হ’বই লাগিব।
উল্লেখ্য যে গণিতৰ স্নাতক শিক্ষকৰ ১,৭৩৭টা পদ পূৰণৰ বাবে নথি পৰীক্ষণ আৰম্ভ হৈছিল যদিও বিভ্রান্তিৰ বাবে তাক স্থগিত ৰখা হৈছিল।






























