Shocking murder in Guwahati:
এক নৃশংস হত্যাকাণ্ডই পুনৰ জোঁকাৰি গ’ল গুৱাহাটীক। দেওবাৰে নিশা নিউ গুৱাহাটীৰ বিজি কল’নীত সংঘটিত এই ঘটনাত স্বামীৰ ভনী জোঁৱাইৰ হাততে প্রাণ হেৰুৱায় গলেজা বেগম নামৰ এগৰাকী মহিলাই। এই হত্যাত অভিযুক্ত চাহাবুদ্দিন মণ্ডলে নিশাৰ পৰা পলাতক হৈ থাকি মঙলবাৰে নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অধীনৰ আদাবাৰী আৰক্ষী চকীত আত্মসমর্পণ কৰে।
গুৱাহাটীৰ উপ-আবক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীয়ে সদৰী কৰে যে ইতিমধ্যে গ্রেপ্তাৰ কৰা চাহাবুদ্দিনে মহিলা গৰাকীক হত্যাৰ কথা স্বীকাৰ কৰিছে। এই হত্যা অবৈধ সম্পৰ্কৰ পৰিণতিত হোৱা বুলিও আৰক্ষী বিষয়াজনে কয়।
মহিলা গৰাকীৰ স্বামী কামাল খানে আৰক্ষীক দিয়া তথ্য অনুসৰি, যোৱা নিশা প্রায় ৯.৩০ বজাত পত্নীয়ে জীয়ৰীৰ স’তে বজাৰৰ পৰা আহি ঘৰ পাইছিল। ঘৰত সোমাবলৈ লওঁতেই বাহিৰত ৰৈ থকা চাহাবুদ্দিনে চোকা অস্ত্রবে ডিঙিত হানে। আৰক্ষীৰ তথ্য মতে, চকুৰ আগতে মাতৃ এনে আক্ৰমণৰ বলি হোৱাত জীয়ৰীয়ে ‘মা.. মা’ বুলি চিঞৰিবলৈ ধৰে। সেই চিঞৰ শুনি ঘৰৰ ভিতৰৰ পৰা স্বামী দৌৰি ওলাই আহিছিল। কামাল খানে চাহাবুদ্দিনক দৌৰি সেই ঠাইৰ পৰা পলায়ন কৰা দেখিছিল।
দৌৰি যাওঁতে ছুৰীখনো দলিয়াই দিয়া প্রত্যক্ষ কৰিছিল। ইয়াৰ পূর্বেও এবাৰ কাঠৰ বাটামৰে মহিলা গৰাকীৰ মূৰত প্ৰহাৰ কৰি চাহাবুদ্দিনে হত্যাৰ চেষ্টা চলাইছিল। আৰক্ষীয়ে এই হত্যাকাণ্ডক লৈ বিভিন্নজনক সোধপোছ কৰাত তথ্য লাভ কৰে যে অভিযুক্ত চাহাবুদ্দিনে গলেজাক দীর্ঘদিনৰ পৰা বিবাহৰ প্ৰস্তাৱ দি আহিছিল।
দুটি সন্তানৰ মাতৃ গলেজাই সেই প্রস্তাৱ নাকচ কৰি আহিছিল। ইয়াকে লৈ চাহাবুদ্দিনৰ লগত গলেজা আৰু কামাল খানৰ লগত বিগত দুবছৰে সংঘাত চলি আহিছিল। সেই সংঘাতৰ পৰিণতিতে চাহাবুদ্দিনৰ হাতত মহিলা গৰাকীয়ে প্রাণ হেৰুৱায়।






























