Youth Arrested:
মহানগৰীৰ ছয়মাইলৰ ফকৰউদ্দিন আলী আহমেদ নগৰৰ ঈদগ্ৰাহ মছজিদত গাহৰি মাংস পেলোৱা দুৰ্বৃত্ত অৱশেষত পৰিল দিছপুৰ আৰক্ষীৰ জালত ৷
দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱক জনৰ নাম মৃদুপৱন পাঠক৷আটকাধীন মৃদুপৱনৰ ঘৰ বৰপেটা টাউনৰ ৯ নং ৱাৰ্ডত ৷ বৰপেটাৰ পৰা নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মৃদুপৱনক ৷
উল্লেখ্য যে,স্কুটিৰে আহি নিশা ছয়মাইল পুৰণি বস্তিৰ এটা মছজিদত কিছুদিন পূৰ্বে গাহৰি মাংস পেলাইছিল যুৱক জনে৷ ঘটনাৰ সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে BNSৰ ১৯৬ ধাৰাৰ ২ নং উপধাৰাত ৰুজু কৰিছে গোচৰ ৷ ৫৬৮/২৫নম্বৰৰ উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰে মৃদুপৱনক