Pork found in mosque:
পবিত্র মহৰমৰ দিনটোতে দেওবাৰে মহানগৰীৰ ছয়মাইলৰ পুৰণবস্তিৰ ফখৰুদ্দিন আলী আহমেদ নগৰৰ এটা মছজিদত দুর্বৃত্তই পেলাই থৈ যোৱা গাহৰি মাংস উদ্ধাৰৰ ঘটনাক লৈ সোমবাৰে এগৰাকী যুৱতীক আৰক্ষীয়ে সোধপোছ কৰে। নিশা এখন দুচকীয়া বাহনত অহা এজন দুর্বৃত্তই মছজিদ চৌহদলৈ মাংসৰ টোপোলাটো দলিয়াই দিছিল। টোপোলাত এটা টোকাও গাঁঠি দিয়া হৈছিল। তাত মহিলাৰ নামসহ এটা ফোন নম্বৰো উল্লেখ আছিল।
সোমবাৰে দিছপুৰ আৰক্ষীয়ে সেই ফোন নম্বৰটোৰ গৰাকী এগৰাকী যুৱতীক সোধপোছ কৰে। মহানগৰীৰ বামুণীমৈদাম অঞ্চলৰ যুৱতী গৰাকীয়ে দাবী কৰে যে তেওঁ সেই ঘটনাৰ বিষয়ে একো নাজানে। যি হাতৰ আখৰৰে টোকাটো লিখা হৈছিল, সেয়াও তেওঁৰ নহয়। কোনো দুষ্টচক্ৰই তেওঁৰ নাম ব্যৱহাৰ কৰি এনে কাৰ্য সংঘটিত কৰাৰ দাবী কৰে যুৱতী গৰাকীয়ে। পাছত আৰক্ষীয়ে যুৱতী গৰাকীক যাবলৈ দিয়ে।






























