বাৰিষাত বিধ্বস্ত হিমাচল! বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা 

Untitled 1 54

Himachal Pradesh:✒️ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিধ্বস্ত হিমাচল প্ৰদেশ। মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি।এতিয়াও সন্ধানহীন বহু ।

বিগত ২০ জুনৰ পৰা আৰম্ভ হোৱা বৰষুণৰ ফলত উত্তৰ পাহাৰীয়া ৰাজ্যখনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যুদ্ধৰকালীন তৎপৰতাত চলিছে উদ্ধাৰৰ কাম।

বিগত কিছুদিনৰ পৰা হোৱা ধাৰাবাহিকভাৱে বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মাণ্ডী জিলা। ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে হিমাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত ৰেড এলাৰ্ট জাৰি কৰিছে। অব্যাহত থাকিব বৰষুণ।

ফলত আগন্তুক দিনত হিমাচল প্ৰদেশত বিপদ আৰু অধিক বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে অনুমান কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, পাহাৰীয়া এই ৰাজ্যখনত এতিয়ালৈকে প্ৰায় ৮০০ কোটি টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হৈছে। ভূমিস্খলনৰ ফলত হিমাচলৰ বহু পথ অৱৰোধ হৈ পৰিছে। ফলত বহু পৰ্যটক আবদ্ধ হৈ পৰিছে। ধাৰাসাৰ বৰষুণত জাহ গৈছে ৩০০ৰো অধিক গৰু। বহু ঘৰ ভাঙি গৈছে।

ৰাজ্যৰ ৫০০ৰো অধিক বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ ক্ষতিগ্ৰস্ত হৈছে। এই পৰ্যন্ত দুৰ্যোগ ব্যৱস্থাপনা দলটোৱে কমেও ৫০০ লোকক উদ্ধাৰ কৰিছে।

মাণ্ডীৰ সমান্তৰালকৈ চিমলা আৰু কুল্লুতো পৰিস্থিতি বেয়া।কুল্লুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বৈছে নদীৰ পানী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ একাধিক দল মোতায়েন কৰা হৈছে।

উদ্ধাৰ অভিযানত যোগদান কৰিছে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীও। কিন্তু অবিৰত বৰষুণৰ ফলত উদ্ধাৰ অভিযানতো বাধাৰ সৃষ্টি হৈছে।

ইফালে বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইদিনমানৰ বাবে পাহাৰীয়া ৰাজ্যখনত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে।

Exit mobile version