Dhubri Wimco bachao Committee:
ধুবুৰীৰ অব্যাহত থকা উচ্ছেদৰ সমৰ্থনত উইমকো বাচাও কমিটি ৷ ১৯২৬ চনতে ধুবুৰীত স্থাপিত উত্তৰ- পূৰ্বাঞ্চলৰ একমাত্ৰ দিয়াচলাই ফেক্টৰী ‘Wimco ‘ ১৯৯৭ত হঠাতে বন্ধ হৈ পৰে ৷ ধুবুৰীৰ এএম কো পথৰ ১১০ বিঘা মাটিত থকা ফেক্টৰীটোৰ অধিকাংশ ভূমি বৰ্তমান বেদখলকাৰীৰ কবলত ৷
শুকুৰবাৰে উইমকো বাচাও কমিটিয়ে আহ্বান কৰা এক সংবাদমেলত সংগঠনটোৰ নেতৃবৰ্গই উল্লেখ কৰে যে বহিৰাগত বনিয়াৰ হাতৰ পৰা অবৈধভাৱে দখল কৰি থকা খাছ আৰু পট্টা মাটিটো চৰকাৰে চলাওক উচ্ছেদ ৷ উইমকো কোম্পানীৰ খাছ আৰু পট্টাৰ মুঠ ১১০ বিঘা মাটি বেদখল মুক্ত কৰিবলৈ দাবী সংগঠনটোৱে ৷
বহিৰাগত বনিয়া ৰোহিত দেউৰাৰ কবলৰ পৰা ১১০ বিঘা মাটি বেদখল মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী লৈ আহ্বান জনাই সংগঠটোৱে ।






























