Guwahati :
কামৰূপ মহানগৰ জিলা আযুক্তৰ কাৰ্যালয়ত কৰ্মৰত এজন অতিৰিক্ত জিলা আয়ুক্তই আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। অতিৰিক্ত জিলা আযুক্তজন হ’ল ত্রিদিপ কোঁৱৰ।
গুৱাহাটী ক্লাবস্থিত দণ্ডাধীশ কল’নীৰ চাৰি নম্বৰ আবাসত এই ঘটনা সংঘটিত হয়। চাৰি মহলীয়া আবাসটোৰ ছাদৰ পৰা অতিৰিক্ত জিলা আয়ুক্তজনে বৃহস্পতিবাৰে সন্ধিয়া তললৈ জঁপিয়াই দিয়ে।
ইয়াৰ ফলত হাত-ভৰিৰ হাড় ভঙাৰ লগতে মূৰ আৰু শৰীৰৰ বিভিন্ন স্থানত গুৰুতৰভাৱে আঘাত পোৱা কোঁৱৰ সম্প্রতি সংকটজনক অৱস্থাত আছে। মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোঁৱৰ চিকিৎসাধীন হৈ আছে। কোঁৱৰৰ আৱাসৰ পৰা লতাশিল আৰক্ষীয়ে আত্মহত্যাৰ এটা টোকা উদ্ধাৰ কৰিছে। তাত তেওঁৰ মৃত্যুৰ বাবে কোনো দায়ী নহয় বুলি লিখা আছে। টোকাটোৰ পৰাই ঘটনাটো আত্মহত্যাৰ চেষ্টা আছিল বুলি আৰক্ষীয়ে নিশ্চিত হৈছে ৷
উল্লেখ্য যে ছাদৰ পৰা তলৰ চোতালত সৰি পৰা কোঁৱৰক আৰক্ষীৰ সহযোগত স্থানীয় লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্রেৰণ কৰে। অতিবিত্ত জিলা আয়ুক্তজনৰ ঘৰ শিৱসাগৰত। ঘটনাৰ সময়ত আৱাসটোত তেওঁ অকলে আছিল।






























