Ahmedabad Plane Crash: ✒️অৱশেষত পোহৰলৈ আহিছে দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ ককপিটৰ কথোপকথন। য’ত প্ৰকাশ পাইছে দুয়োজন পাইলটে ইন্ধনৰ বিষয়ে আলোচনা কৰা।
বিমান দুৰ্ঘটনাৰ তদন্তকাৰী সংস্থা এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো (এএআইবি)য়ে শনিবাৰে প্ৰকাশ কৰে প্ৰাৰম্ভিক প্ৰতিবেদন।
১৫ পৃষ্ঠাৰ এই প্ৰতিবেদনত দুয়োজন পাইলটৰ মাজত শেষ মুহূৰ্তত হোৱা কথা-বতৰা সন্নিবিষ্ট আছে ।
বিগত ১২ জুনত গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান AI171 দুৰ্ঘটনাগ্ৰস্ত হয়।
বয়িং ড্ৰিমলাইনাৰ বিমানখন ৰাণৱেৰ পৰা ওলাই অহাৰ কেইছেকেণ্ডমানৰ পাছতেই দুৰ্ঘটনাগ্ৰস্ত হৈ ২৬০ জন লোকৰ মৃত্যু হয়।
আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল বিমানখন। দুৰ্ঘটনা সংঘটিত হোৱাৰ এমাহৰ পাছত প্ৰকাশ পালে প্ৰাথমিক তদন্তৰ প্ৰতিবেদন।
দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে দুটা ব্লেক বক্স। তাৰ ভিতৰত এটা আছিল ককপিটৰ ভইচ ৰেকৰ্ডাৰ। এই যন্ত্ৰটোৱে দুৰ্ঘটনাৰ মুহূৰ্তত ককপিটত পাইলটসকলৰ মাজত হোৱা কথোপকথন ৰেকৰ্ড কৰে।
তাৰ তথ্য উদ্ধাৰ পাছতেই পোহৰলৈ আহিছে,বিমানখন উৰণৰ কেইছেকেণ্ডমানৰ ভিতৰতে দুয়োটা ইঞ্জিন বন্ধ হৈ যায়। ইন্ধনৰ চুইচটো ‘ৰান’ৰ পৰা ‘কাটঅফ’লৈ সলনি কৰা হৈছিল। এইখিনিতে এজন পাইলটে আনজনক সুধিলে, “আপুনি (ইন্ধন) কিয় বন্ধ কৰি দিলে?”আনজনে উত্তৰ দিলে, “মই একো বন্ধ কৰা নাই।”
তদন্তৰ প্ৰতিবেদন অনুসৰি বিমানখনে ৰাণৱে এৰি যোৱাৰ কিছু সময়ৰ পাছতে ইঞ্জিন ১ আৰু ইঞ্জিন ২ বন্ধ হৈ পৰে। বিমানখনৰ গতি বৃদ্ধি হোৱাৰ লগে লগে ইঞ্জিন দুটা বন্ধ হৈ গৈছিল। ইঞ্জিনে ইন্ধন পোৱা নাছিল।
কিছু মুহূৰ্তৰ ভিতৰতে বিমানখনৰ গতি আৰু উচ্চতা হ্ৰাস পাবলৈ ধৰিলে। সেই মুহূৰ্ততে পাইলটসকলে দুয়োটা ফিউৱেল চুইচ ‘কাটঅফ’ৰ পৰা ‘ৰাণ’লৈ ঘূৰাই আনিলে। শেষ মুহূৰ্তলৈকে ইঞ্জিনবোৰ ষ্টাৰ্ট কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিলে।
ইঞ্জিন-২ সাময়িকভাৱে স্থিতিশীল অৱস্থালৈ ঘূৰি আহিল।কিন্তু ইঞ্জিন ১ পুনৰ আৰম্ভ কৰিব পৰা নগ’ল।
উল্লেখ্য যে,১৫ পৃষ্ঠাৰ তদন্তৰ প্ৰতিবেদনত বিমানখনত চৰাইৰ খুন্দাৰ কোনো উল্লেখ নাই। তদন্তকাৰীয়ে অনুমান কৰে যে বিমানখনৰ উৰণ পথত কোনো চৰাই নাছিল।
বিমানখনৰ সন্মুখভাগৰ এক্সটেণ্ডেড এয়াৰফ্ৰেম ফ্লাইট ৰেকৰ্ডাৰ (ই এ এফ আৰ) উদ্ধাৰ কৰি সফলতাৰে ডাউনলোড কৰা হয় যদিও পিছফালৰ ই এ এফ আৰ ইমানেই ক্ষতিগ্ৰস্ত হৈছিল যে ইয়াৰ পৰা কোনো তথ্য পোৱা নগ’ল।
প্ৰাৰম্ভিক খবৰ অনুসৰি এই পৰ্যন্ত যি তথ্য লাভ কৰা হৈছে সেই সকলো তথ্য পৃথক কৰি ৰখা হৈছে। বয়িং বা ইঞ্জিন অপাৰেটৰক এতিয়াও কোনো জাননী জাৰি কৰা হোৱা নাই। ফিউৱেল চুইচৰ বিজুতিকে ধৰি ইঞ্জিন বন্ধ হোৱাৰ সঠিক কাৰণ এতিয়াও তদন্ত অব্যাহত আছে।






























