Himachal Pradesh:✒️প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনে বিধ্বস্ত হিমাচল প্ৰদেশ। মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি।এতিয়াও বহুলোক সন্ধানহীন হৈ আছে ।বিগত ২০ জুনৰ পৰা আৰম্ভ হোৱা বৰষুণে উত্তৰ দিশৰ এই পাহাৰীয়া ৰাজ্যখনত এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে।
যুদ্ধকালীন তৎপৰতাত উদ্ধাৰৰ কাম চলি আছে যদিও মাজে মাজে হোৱা বৰষুণৰ বাধাৰ সৃষ্টি কৰিছে।
যোৱা কেইদিনমানৰ পৰা ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মণ্ডি জিলা। ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে হিমাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত ৰেড এলাৰ্ট জাৰি কৰিছে। বৰষুণ অব্যাহত থাকিব।
ফলত আগন্তুক দিনত হিমাচল প্ৰদেশত বিপদ আৰু অধিক বৃদ্ধি পাব বুলি ধাৰণা বিশেষজ্ঞসকলৰ। প্ৰাপ্ত তথ্য অনুসৰি,এই পাহাৰীয়া ৰাজ্যখনত এতিয়ালৈকে প্ৰায় ৮০০ কোটি টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হৈছে।
ভূমিস্খলনৰ ফলত হিমাচলৰ বহু পথ অৱৰোধ হৈ পৰিছে। ফলত বহু পৰ্যটক আবদ্ধ হৈ পৰিছে। ধাৰাসাৰ বৰষুণত জাহ গৈছে ৩০০ৰো অধিক গৰু। ভাঙি গৈছে বহু ঘৰ।
ৰাজ্যখনৰ ৫০০ৰো অধিক বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ ক্ষতিগ্ৰস্ত হৈছে। এই পৰ্যন্ত দুৰ্যোগ ব্যৱস্থাপনা দলটোৱে কমেও ৫০০ লোকক উদ্ধাৰ কৰিছে। সূত্ৰ অনুসৰি, মাণ্ডীৰ বাহিৰেও ক্ষতিগ্ৰস্ত জিলা কেইখন হ’ল চাম্বা, কিন্নাউৰ, বিলাসপুৰ, হামুৰপুৰ, সোলান আৰু উনা।
মাণ্ডীৰ সমান্তৰালকৈ চিমলা আৰু কুল্লুতো পৰিস্থিতি বেয়া। কুল্লুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বৈ আছে নদীৰ পানী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ একাধিক দল মোতায়েন কৰা হৈছে।
ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা দলটোৱেও এই উদ্ধাৰ অভিযানত যোগদান কৰিছে। কিন্তু ধাৰাবাহিক বৰষুণৰ ফলত উদ্ধাৰ অভিযানতো বাধাৰ সৃষ্টি হৈছে। ইফালে বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইদিনমানৰ বাবে পাহাৰীয়া ৰাজ্যখনত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে।






























