Post office:✒️ডাকঘৰ হৈছে এনে এক বিনিয়োগৰ উৎস য’ত বিনিয়োগকাৰীৰ ধন সদায় সুৰক্ষিত হৈ থাকে। ডাকঘৰৰ বিনিয়োগকাৰীৰ ধনৰ নিৰাপত্তাৰ বাবে অহর্নিশে সজাগ হৈ থাকে স্বয়ং কেন্দ্ৰীয় চৰকাৰ।
চৰকাৰী বিবৃতিত প্রকাশিত তথ্য অনুসৰি, এই ত্রিমাসিকটোত ডাকঘৰৰ আঁচনিৰ সুতৰ হাৰৰ কোনো পৰিৱৰ্তন হোৱা নাই। সেই অনুসৰি, ডাকঘৰৰ বিভিন্ন জনপ্রিয় আঁচনিসমূহৰ সুতৰ হাৰ নিম্নোক্ত ডাকঘৰত এনে কিছুমান আঁচনি আছে যিয়ে আপোনাক প্ৰচুৰ লাভান্বিত কৰিব পাৰে।
বিশেষকৈ বহু বছৰ ধৰি ডাকঘৰৰ ক্ষুদ্র সঞ্চয় আঁচনিসমূহ জনপ্ৰিয়তাৰ শিখৰত আছে। এই আঁচনিসমূহৰ বজাৰৰ স’তে কোনো সম্পর্ক নাথাকে বাবে নিৰাপত্তা আৰু ভাল ৰিটাৰ্ণৰ নিশ্চয়তা থাকে।
মুঠতে দৰিদ্ৰৰ পৰা মধ্যবিত্তলৈকে সকলো শ্ৰেণীৰ উপভোক্তাৰ বাবে ধন সঞ্চয়ৰ জনপ্রিয় উৎসলৈ পৰিণত হৈছে ডাকঘৰ। এই বছৰ যিসকল বিনিয়োগকাৰীয়ে ডাকঘৰৰ কোনো আঁচনিত বিনিয়োগ কৰাৰ মন মেলিছে, তেওঁলোকৰ সুবিধাৰ্থে বিভিন্ন আঁচনিত এই সময়ত চলি থকা সুতৰ হাৰ সম্পর্কে তলত দিয়া হৈছে।
উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ডাকঘৰকে ধৰি ইয়াৰ অধীনৰ সকলো সঞ্চয় আঁচনিৰ সুতৰ হাৰ সময়ে সময়ে সলনি কৰি থাকে। নিয়ম অনুসৰি, প্ৰত্যেক ত্রিমাসিকৰ মূৰে মূৰে এই হাৰ সলনি কৰা হয়।
ডাকঘৰৰ ৰেকাৰিং ডিপ’জিট আঁচনি- ৬.৭০ শতাংশ মাহেকীয়া আয় আঁচনি (MIS)-৭.৪০ শতাংশ সুকন্যা সমৃদ্ধি যোজনা (SSY)-৮.২০ শতাংশ ডাকঘৰৰ ছেভিংছ একাউণ্ট- চাৰি শতাংশ এবছৰীয়া টাইম ডিপ’জিট আঁচনি-৬.৯০ শতাংশ দুবছৰীয়া টাইম ডিপ’জিট আঁচনি- ৭.০০ শতাংশ তিনি বছৰীয়া টাইম ডিপ’জিট আঁচনি- ৭.১০ শতাংশ পাঁচ বছৰীয়া টাইম ডিপ’জিট আঁচনি- ৭.৫০ শতাংশ মহিলা সন্মান সঞ্চয় প্রমাণপত্র (MSSC)- ৭.৫০ শতাংশ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (SCSS)-৮.২০ শতাংশ কিষাণ বিকাশ পত্র (কেভিপি)-৭.৫০ শতাংশ ৰাজহুৱা ভবিষ্য নিধি (পিপিএফ)-৭.১০ শতাংশ ৰাষ্ট্ৰীয় সঞ্চয় প্রমাণপত্র (এন এছ চি)- ৭.৭০ শতাংশ।






























