Dispur Police Checking: হাতত লাঠী লৈ মাজনিশা দিছপুৰৰ পদপথত নামিল দিছপুৰ আৰক্ষীৰ এটা বৃহৎ দল

নিশা ৰাজপথত উদ্ভণ্ডালি কৰা যুৱক- যুৱতীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

dispuroo

Dispur Police Checking:

নিশাৰ গুৱাহাটীত দিনক দিনে একাংশ সুৰাপায়ী যুৱক- যুৱতীৰ উদ্ভণ্ডালিয়ে চৰমসীমা অতিক্ৰম কৰিছে ৷ নিশা গভীৰ হোৱাৰ লগে লগে সুৰাপায়ী যুৱক- যুৱতীয়ে ৰাজপথত অতপালি কৰাটো চিৰাচৰিত ঘটনাত পৰিণত হৈছিল ৷ পদপথেদি যোৱা আন আন পথচাৰী সকল ৰোষত পৰে মাতাল যুৱক- যুৱতীৰ ৷ ইতিমধ্যে এনে ঘটনা সামাজিক মাধ্যমত প্ৰায়ে হৈছিল ভাইৰেল ৷

যাৰবাবে এইবাৰ দিছপুৰ আৰক্ষী নামিল অভিযানত ৷ হাতত লাঠী লৈ দিছপুৰৰ পদপথত নামিল দিছপুৰ আৰক্ষীৰ এটা বৃহৎ দল৷ সন্মুখৰ পৰা নেতৃত্ব দিছে ডিচিপি মৃণাল ডেকাই ৷ শনিবাৰে নিশা প্ৰায় ১.৩০ বজাত আৰক্ষীৰ এটা দললৈ নামিল অভিযানত ৷ গণেশগুৰি উৰণ সেতুৰ তলৰ পৰা গণেশ মন্দিৰলৈ অভিযান চলাই ৷ পদপথেৰে দুপৰ নিশালৈকে সুৰাপান কৰি ৰাজপথত ঘূৰি ফুৰা যুৱক- যুৱতীৰ বিৰুদ্ধে এই অভিযান ৷

উল্লেখ্য যে,পদপথত অশৃংখলতা সৃষ্টি কৰা আৰু অনৈতিক কাৰ্য্যকলাপত লিপ্ত থকা যুৱক -যুৱতীৰ বিৰুদ্ধে এই অভিযান চলোৱাৰ সমান্তৰালকৈ হেলমেট পৰিধান নকৰা যুৱক-যুৱতীৰ বিৰুদ্ধেও চলাই অভিযান ৷ মনকৰিবলগীয়া যে কিছুদিন পূৰ্বে দিছপুৰ আৰক্ষীয়ে গণেশগুৰিৰ পৰা অনৈতিক কাম কাজত লিপ্ত থকা ১৮ গৰাকী যুৱক যুৱতীক আটক কৰিছিল ৷

Exit mobile version