Drugs Seize,Paddlar Arested:নগাঁৱত ৬৫টা ড্ৰাগছ ভর্তি ড্ৰাগছ কন্টেইনাৰসহ সৰবৰাহকাৰী জব্দ

এইবাৰ চাবোন ফেক্টৰীত ড্ৰাগছ

morikolong

Drugs Seize,Paddlar Arested:

নিষিদ্ধ ড্রাগছেই এতিয়া অন্যতম জটিল সমস্যা হৈ পৰিছে নগাঁও জিলাত। এই ড্ৰাগছৰ কৱলত পৰি ইতিমধ্যে একাধিক যুৱকৰ মৃত্যু হোৱাৰ উপৰি আন বহুতেই জীৱনৰ ছন্দ হেৰুৱাই পেলাইছে। নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও ড্রাগছ নির্মূলত এই পর্যন্ত সফল হ’ব পৰা নাই। নিত্য নতুন কৌশলৰে ড্ৰাগছ মাফিয়া, সৰবৰাহকাৰীসকলে চলাই গৈছে ড্ৰাগছৰ বেহা।

ড্ৰাগছৰ ভয়াৱহতাৰ মাজতে আজি নিচেই পুৱা নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ আৰক্ষীয়ে নগাঁও চহৰৰ আজাদ নগৰত এক বিশেষ সূত্ৰৰ পম খেদি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পম্পী ৰয়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে আজাদ নগৰৰ এটা চাবোন ফেক্টৰীত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ইমৰাণ আলী ওৰফে লালু নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইমৰাণৰ জিম্মাৰ পৰা ড্ৰাগছভর্তি ৬৪টা কণ্টেইনাৰ জব্দ কৰে। আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে ইমৰাণক জেৰা অব্যাহত ৰাখিছে।

Exit mobile version