Union Minister Prabita Margherita:
শিৱসাগৰ আৰু চৰাইদেউ দুয়োখন জিলাকে স্পৰ্শ কৰি থকা গড়মূৰ চলাপথাৰ পথটোৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি কেন্দ্রীয় বৈদেশিক ৰাজ্যমন্ত্রী পবিত্র মাৰ্ঘেৰিটাই তিতাবৰৰ দুখন চাহ বাগিচাৰ দুটা পথৰ কাম আৰম্ভ কৰে। তিতাবৰ মাধপুৰ চাহ বাগিচাত ১৫৫.৮৮ লাখ টকা ব্যয়ৰে ২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকা লাইন পথ আৰু বৰহোলাৰ অন্তর্গত ১.৩৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৯৩.৭১১ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ’ব লগা কালাপানী পথটো আৰম্ভ কৰে কেন্দ্রীয় মন্ত্রী মাৰ্ঘেৰিটাই।
পথকেইটাৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি কেন্দ্রীয় মন্ত্রীজনে কয় যে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ নির্দেশ মর্মে যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন আন্তঃগাঁথনিমূলক কামৰ যোগেদি জনতাৰ সুখ-দুখৰ খবৰ লোৱা কামত বিগত সময়ছোৱাত নিয়োজিত হৈ আহিছে আৰু এই কামখিনি কৰিবলৈ পাই তেওঁ অতি সুখী অনুভৱ কৰিছে। অসমৰ চাহ উদ্যোগটোৰ প্ৰতি চাহ জনগোষ্ঠীৰ লোকসকলৰ অৱদান স্মৰণ কৰি মুখ্যমন্ত্ৰীৰ প্রত্যক্ষ উদ্যোগত তিতাবৰৰ ৩৪ খন বাগিচাত ৩০৪৩,০৩ লাখ টকাৰে ৪২.০৫৬ কিলোমিটাৰ পথ পকীকৰণৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে।
ইয়াৰ পাছতে তেওঁ যোৰহাটৰ মাজমজিয়াত অৱস্থিত শতাব্দী প্রাচীন যোৰহাট থিয়েটাৰ হললৈ তেওঁৰ নিজা সাংসদ পুঁজিৰ পৰা আগবঢ়োৱা ২৫ লাখ টকাৰে নির্মিত হ’বলগীয়া আধুনিক মুকলি মঞ্চৰ কাম আৰম্ভকৰে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে মন্ত্রী মাৰ্ঘেৰিটাই মালয়েছিয়াৰ কোৱালালমপুৰত অনুষ্ঠিত আছিয়ান তথা বিশ্বৰ মুঠ ২৭ খন ৰাষ্ট্ৰৰ মাজত হোৱা বিদেশ মন্ত্ৰীৰ বৈঠকত অংশগ্রহণ কৰি পোনে পোনে দিল্লী হৈ যোৰহাটত ভৰি দিছেহি আৰু এই আধাৰশিলাৰ কাম সমাপন কৰি পুনৰ দিল্লীলৈ উভতি গৈ দক্ষিণ আফ্রিকাত হ’ব লগা এক চৰকাৰী কাৰ্যসূচীত অংশ ল’ব।
আৰম্ভণি অনুষ্ঠানত তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা সভাপতি শান্তনু পূজাৰী, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, অধ্যক্ষ প্রতাপ কছাৰী, যোৰহাট জিলা আযুক্ত জয় শিৱানী, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।






























