Himachal Pradesh: ✒️হিমাচল প্ৰদেশৰ ধৰ্মশালাত পেৰাগ্লাইডাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হয় এজন পৰ্যটকৰ। নিহত লোকজনৰ নাম সতীশ ৰাজেশ (২৭)। তেওঁ গুজৰাটৰ বাসিন্দা। ইয়াৰ উপৰিও আহত পেৰাগ্লাইডাৰ পাইলট সুৰজ।
দেওবাৰে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। উৰণৰ কিছু মিনিটত পাছতে দুৰ্ঘটনাগ্ৰস্ত হয় পেৰাগ্লাইডাৰখন।
ঘটনাস্থলীত উপস্থিত হৈ কাংগৰা আৰক্ষীয়ে দুয়োকে উদ্ধাৰ কৰি প্ৰথমে স্থানীয় ধৰ্মশালা খণ্ড চিকিৎসালয়লৈ লৈ যায় আৰু পাছত টাণ্ডা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়।
সোমবাৰে চিকিৎসকে সতীশক মৃত ঘোষণা কৰে। সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে পাইলট সুৰজ।
ইতিমধ্যে দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।এই ঘটনাৰ পাছতে প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে হিমাচল প্ৰদেশৰ কেবাটাও স্থানত ১৫ ছেপ্টেম্বৰলৈকে পেৰাগ্লাইডিং সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰিছে।
আৰক্ষী অধীক্ষক হিতেশ লক্ষ্মণপালে কয় যে, “মৃতকৰ পৰিয়ালৰ লোকক ইতিমধ্যে অৱগত কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পাছত মৃতদেহ তেওঁলোকৰ হাতত গতাই দিয়া হ’ব।”
স্থানীয় ষ্টেচন হাউছ অফিচাৰ (এছ এইচ অ’)কো দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।পৰ্যটন বিভাগৰ বিষয়াসকলকো এই সন্দৰ্ভত চোৱাচিতা কৰিবলৈ কোৱা হৈছে।
উল্লেখ্য যে,চলিত বৰ্ষৰ জানুৱাৰী মাহত একে ঠাইতে পেৰাগ্লাইডিং কৰি থকা অৱস্থাত আন এজন পৰ্যটকৰ মৃত্যু হৈছিল। তেওঁ গুজৰাটৰ বাসিন্দাও আছিল।
