Heavy Rain:✒️বিগত কিছুদিন ধৰি অবিৰত বৰষুণৰ ফলত বিপর্যস্ত ৰাজস্থান।কেবাখনো জিলা পানীৰ তলত। আটাইতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে কোটা, জালৌৰ, পালি, ঢোলপুৰ।
সমগ্ৰ ৰাজ্যত বৰষুণ সংক্ৰান্ত দুৰ্ঘটনাত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ৰাজ্যত শীঘ্ৰে বৰষুণ বন্ধ নহ’ব।
যোধপুৰত পথাৰত কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন কৃষকৰ। একেখন জিলাতে এজন বিদ্যুৎ কৰ্মীৰো মৃত্যু হয় । ধাৰাসাৰ বৰষুণৰ ফলত পালি জিলাৰ নদীৰ পানী বাঢ়ি আহে যাৰ ফলত মঙলবাৰে বিদ্যালয়সমূহ বন্ধ হৈ পৰে।
পালি মহানগৰীৰ কেবাটাও অঞ্চল বানত বুৰ গৈছে। জালৌৰ আৰু যোধপুৰৰ ৰেল লাইনতো পানী জমা হৈছে ।
যোধপুৰ আৰু আহমেদাবাদৰ মাজৰ সাবৰমতী এক্সপ্ৰেছতো বাতিল কৰা হৈছে।চাম্বল নদীৰ কোটা বান্ধৰ এটা অংশ মুকলি কৰি দুই লাখ কিউচেক পানী এৰি দিয়া হৈছে। ফলত কোটাৰ কেবাটাও অঞ্চল ডুব গৈছে।
ঘৰবন্দী হৈ আছে ১০ হেজাৰ লোক। নদীত মাছ ধৰি থকা অৱস্থাত উটুৱাই নিয়ে সাতজন লোক। পাছত এজন লোকক উদ্ধাৰ কৰা হয় যদিও বাকীসকল এতিয়াও সন্ধানহীন হৈ আছে।
ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে মহানগৰীৰ কেবাটাও স্থানত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
কমেও ১২ খন গাঁওৰ যোগাযোগ বিচ্ছিন্ন। একাংশ জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অহা ৪৮ ঘণ্টাৰ বাবে ভিলৱাৰা, ছিৰোহী, বৰাণ, টংকত বৰষুণৰ বাবে কমলা সতৰ্কতা জাৰি কৰা হৈছে।






























