Flood:
বছৰৰ তৃতীয়টো বানৰ পাছতে নগাঁৱৰ কামপুৰত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। কামপুৰ ৰাজহ চক্ৰৰ অন্তর্গত তেলিয়াআটিকে ধৰি প্রায় অর্ধ শতাধিক গাঁও এইবাৰৰ বানত ক্ষতিগ্রস্ত হৈছিল। কামপুৰ-কঠীয়াতলী পথৰ পৰা তেলিয়াআটি-নৈপাম পথটো বানে খহাই নিয়াৰ ফলত পথটোৰে যাতায়াত কৰাত অসুবিধাত পৰিছে স্থানীয় ৰাইজ।
ADVERTISEMENT
পথটোৰ তিনি ঠাই খহাই নিছে নিশাৰী নৈ বাঢ়নী পানীয়ে। উল্লেখ্য যে ২০২২ত ভয়াৱহ বানত ছিঙি যোৱা পথছোৱা পাছত মেৰামতি কৰিছিল যদিও পুনৰ এইবাৰৰ বানত পূৰ্বতে মেৰামতি ঠাইতে খহি যায়। যাৰ বাবে ৰাইজে পথটোত এখন দলং নিৰ্মাণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে।






























