Paresh Baruah:সাতদিনৰ ভিতৰত আক্ৰমণৰ প্ৰমাণ দিব পৰেশ বৰুৱাই !

তালিকা প্রকাশ কৰিব আহতৰ আন্তর্জাতিকভাৱে ভাৰত এঘৰীয়া হৈছে : স্বাধীন

p b

Paresh Baruah:

ম্যানমাৰ সীমান্তত অৱস্থিত আলফা (স্বাধীন)ৰ শিবিৰত দেওবাৰে পুৱতি নিশাৰ পৰা সংঘটিত আক্ৰমণৰ প্ৰমাণ অহা সাতদিনৰ ভিতৰত অসমৰ ৰাইজক দিব বুলি প্ৰকাশ কৰিছে সংগঠনটোৰ মুৰব্বী পৰেশ বৰুৱাই। সংবাদ মাধ্যমক বৰুৱাই জনোৱা মতে, এই আক্রমণত সংগঠনটোৰ আহত নেতা-সদস্যসকলৰ নাম- তালিকাও প্ৰকাশ কৰা হ’ব।

উল্লেখ্য যে দেওবাৰে পুৱতি নিশা দুই বজাৰ পৰা ম্যানমাৰ সীমান্তস্থিত আলফা (স্বাধীন)ৰ শিবিৰত ভাৰতীয় সেনাই ড্র’ন আৰু ক্ষেপণাস্ত্র আক্রমণ কৰে বুলি সংগঠনটোৱে বিবৃতিযোগে প্রকাশ কৰে। অৱশ্যে এই আক্ৰমণৰ কোনো তথ্য নাই বুলি ভাৰতীয় সেনা আৰু প্ৰতিৰক্ষা মন্ত্রণালয়ে প্রকাশ কৰিছে। সেনা আৰু প্ৰতিৰক্ষা মন্ত্রণালয়ৰ ভাষ্যক হাস্যকৰ বুলি আলফা (স্বাধীন) ৰ মুৰব্বী বৰুৱাই আখ্যা দিছে। তেওঁ কয় যে সংগঠনটোৰ বিভিন্ন শিবিৰত নগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ দিশৰ পৰা ড্ৰ’ন-ক্ষেপণাস্ত্র আক্রমণ চলে।

এই দৃশ্য নগালেণ্ডৰ ম’ন জিলা আৰু অৰুণাচল প্ৰদেশৰ লংডিঙৰ বাসিন্দাসকলে প্রত্যক্ষ কৰা বুলিও বৰুৱাই দাবী কৰে। এই আক্ৰমণৰ বাতৰি একাংশ সংবাদ মাধ্যমে যিদৰে প্ৰকাশ কৰিলে তাক লৈ তীব্র অসন্তুষ্টি ব্যক্ত কৰে আলফা (স্বাধীন) ৰ মুৰব্বীজনে। একেদৰে সংগঠনটোৰ সহকাৰী সম্পাদক (প্ৰচাৰ বিভাগ) ঈশান অসমে এক বিবৃতিত কয়, ‘সহস্রজনে কৰা আত্মত্যাগক উপলুঙা কৰি ঔপনিৱেশিক শাসক গোষ্ঠীক তৈলমর্দনৰে মালিক পক্ষক সন্তুষ্ট কৰাৰ লগতে আমাক হেয় প্রতিপন্ন কৰাৰ যি অপচেষ্টাৰ প্রতিযোগিতাত অৱতীৰ্ণ হ’ল, সিয়ে অসমৰ সংবাদ জগতত কলংক সনাই নহয়, বৃহত্তৰ থলগিৰী জাতিটোকো লজ্জানত কৰিলে।

আন্তঃৰাষ্ট্ৰীয় আইন অমান্য কৰি, আন দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই ঔপনিৱেশিক শাসক গোষ্ঠীয়ে কৰা এনে নিষ্ঠুৰ আক্ৰমণৰ দায়িত্ব ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই যে কেতিয়াও স্বীকাৰ কৰিব নোৱাৰে সেয়া সংবাদ মাধ্যমসমূহে জনা উচিত আছিল।’ আলফা (স্বাধীন) নেতাজনে লগতে কয় যে ভাৰত ৰাষ্ট্ৰৰ শাসক আৰু প্ৰশাসনৰ বৰমূৰীয়াসকলৰ কথা আজি বিশ্বই বিশ্বাস নকৰে। ইয়াৰ জ্বলন্ত উদাহৰণ ভাৰত-পাকিস্তান যুদ্ধ বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘ভাৰতে নিজৰ ক্ষয়-ক্ষতি লুকুৱাবলৈ হেজাৰ চেষ্টা কৰিও বিফল হৈছিল। অত্যাধুনিক ৰাফেল সন্দৰ্ভত ভাৰতে যি তথ্য ৰাজহুৱা কৰিছিল সেই তথ্য যে ভুৱা সেয়া ৰাফেল নির্মাতা প্রতিষ্ঠানে বিশ্বৰ চকুত দাঙি ধৰি ভাৰতক লজ্জানত কৰিলে।

তেনেস্থলত এজন বিষয়াৰ কথাত আপোনালোক প্রতীয়মান?’ সংগঠনটোৱে দাবী কৰে যে ভাৰত আন্তর্জাতিকভাৱে এঘৰীয়া হৈছে। সাংবাদিকক বাতৰি পৰিৱেশন জ্ঞান দি সংগঠনটোৰ মুৰব্বীয়ে লগতে কয়, ‘এজন সাংবাদিক তেতিয়াহে সফল হয়, যেতিয়া তেওঁ নিজৰ জ্ঞান, দক্ষতা আৰু প্রজ্ঞাক একত্ৰিত কৰি সকলোতে সঠিক তথা বস্তুনিষ্ঠ বাতৰি উপস্থাপন কৰে আৰু নির্ভুল তথ্যৰে উৎস নির্বাচন কৰে। অসমৰ একাংশ সংবাদ মাধ্যমে নিজৰ বেপেৰুৱা চৰিত্ৰ উদঙাই দিলে।

সংবাদ সেৱাৰ নামত এনে ধৰণৰ বেপাৰ চলাই থকা সংবাদ গোষ্ঠীলৈ আমাৰ প্ৰত্যাহ্বান: আপোনালোকে শীত-তাপ নিয়ন্ত্রিত কোঠাৰ পৰা নহয়, এবাৰ লংৱা আৰু পাংচুপাছ সীমান্তলৈ আহি তাৰ স্থানীয় ৰাইজৰ পৰা অৱগত হওঁক, প্ৰকৃততে কি হৈছিল? ড্র’ন, যুদ্ধবিমান আৰু ক্ষেপণাস্ত্র কোন দিশৰ পৰা ক’লৈ গৈছিল? প্রকৃত ঘটনাৰ সত্যসত্যতা উদ্‌ঘাটন কৰাৰ সৎ সাহস দেখুৱাওক।’

আলফা (স্বাধীন)ৰ মুৰব্বী বৰুৱাই লগতে কয়, ‘আমাক সংবাদ মাধ্যমৰ সহানুভূতি প্রয়োজন নাই। থলগিৰী জনগণৰ আদৰ, আশীৰ্বাদ আৰু প্ৰেৰণাত আমাৰ সংগ্ৰাম চলি থাকিব।’ উল্লেখ্য যে আলফা (স্বাধীন) ই দেওবাৰৰ বিবৃতিত প্ৰকাশ কৰা অনুসৰি, এই আক্ৰমণত সংগঠনটোৰ তিনি জ্যেষ্ঠ নেতা ক্রমে নয়ন অসম, প্রদীপ অসম আৰু গণেশ অসমৰ মৃত্যু হোৱাৰ লগতে ১৯জন নেতা-সদস্য আহত হয়।

Exit mobile version