CDS Anil Chauhan:✒️’আওপুৰণি অস্ত্র-শস্ত্ৰৰে আজিৰ দিনৰ যুদ্ধ জয় কৰিব নোৱাৰি। ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাক আৰু শক্তিশালী কৰাৰ বাবে অত্যাধুনিক অস্ত্ৰৰ প্ৰয়োজন।’ এই মন্তব্য দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ মুৰব্বী (চীফ অফ ডিফেন্স ষ্টাফ) জেনেৰেল অনিল চৌহানৰ।
বুধবাৰে সামৰিক অস্ত্র-শস্ত্ৰ লৈ অনুষ্ঠিত এক কর্মশালাত ভাষণ দি চিডিএছ চৌহানে লগতে কয়, ‘আওপুৰণি অস্ত্র-শস্ত্ৰক লৈ সাম্প্ৰতিক সময়ৰ যুদ্ধ জয় কৰাটো সম্ভৱ নহয়। সাম্প্রতিক সময়ৰ যুদ্ধত জয়ী হ’বলৈ হ’লে অত্যাধুনিক প্রযুক্তি সম্বলিত নতুন অস্ত্ৰৰ প্ৰয়োজন।’
তেওঁৰ ভাষণত শেহতীয়া ‘অপাৰেছন সিন্দুৰ’ৰ প্রসংগয়ো স্থান পায়। পহলগামৰ সন্ত্রাসবাদীৰ নৰসংহাৰৰ পোটক ল’বলৈ ভাৰতীয় প্রতিৰক্ষা বাহিনীয়ে চলোৱা এই অভিযান সন্দর্ভত চৌহানে কয় যে এই অভিযান চলি থকাৰ সময়ত পাকিস্তানে নানা ধৰণৰ ড্ৰ’ন আৰু গোলা-বাৰুদ ভাৰতৰ বিৰুদ্ধে প্রয়োগ কৰে।
এই ড্ৰ’ন আৰু গোলা-বাৰুদৰ আক্ৰমণ ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে সফলতাৰে ব্যৰ্থ কৰে বুলি তেওঁ সদৰী কৰে। এই সম্পর্কত তেওঁ লগতে কয়, ‘পাকিস্তানৰ পৰা অহা ড্র’ন আৰু গোলা-বাৰুদৰ অধিকাংশই আমি নিষ্ক্রিয় কৰো। পাকিস্তানী ড্র’নে ভাৰতীয় সেনা বা অসামৰিক আন্তঃগাঁথনিৰ কোনো ক্ষতি কৰিব নোৱাৰিলে।’
উল্লেখ্য যে যোৱা ছয় মে’ৰ মধ্য নিশা আৰম্ভ হোৱা অপাৰেছন সিন্দূৰৰ সময়ত ভাৰতে পাকিস্তান আৰু পাকিস্তান অধ্যুষিত কাশ্মীৰত থকা বহু সন্ত্রাসবাদী শিবিৰ ধ্বংস কৰে। ইয়াকে লৈ দুয়োখন দেশৰ মাজত যুদ্ধৰ সূচনা হোৱাৰ সময়তে যোৱা ১০ মে’ৰ বিয়লি মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰে।
পৰৱৰ্তী সময়ত জেনেৰেল চৌহানে এক মার্কিন সংবাদ সংস্থাৰ স’তে হোৱা সাক্ষাৎকাৰত কয় যে পাকিস্তানৰ আক্ৰমণত ভাৰতৰ যুদ্ধবিমান ধ্বংস হয়। অৱশ্যে এই সম্পর্কীয় সবিশেষ তথ্য তেওঁ সদৰী কৰাৰ পৰা বিৰত থাকে। আজি কৰ্মশালাত দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ মুৰব্বীজনে লগতে দেশীয়ভাৱে উন্নত অস্ত্র-শস্ত্ৰ তৈয়াৰত গুৰুত্ব আৰোপ কৰে।
অস্ত্র প্রযুক্তি আমদানি আৰু বিদেশৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰাৰ পোষকতা তেওঁ কৰে। বিদেশৰ পৰা আমদানিকৃত প্ৰযুক্তিত নিৰ্ভৰশীলতাই যুদ্ধৰ প্ৰস্তুতি দুৰ্বল কৰে বুলিও সেনা মুৰব্বীজনে মন্তব্য কৰে। সংঘাতৰ সময়ত বিদেশী প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা অব্যাহত থাকিলে সিয়ে দেশক দুর্বল কৰিব পাৰে বুলিও তেওঁ আশংকা কৰে। গতিকে দেশীয় প্ৰযুক্তিৰ বিকাশ সাধনত তেওঁ গুৰুত্ব আৰোপ কৰে।






























