ধাৰাসাৰ বৰষুণৰ ফলত শোচনীয় পথ ! স্থগিত অমৰনাথ যাত্ৰা

images 6 8

Amarnath Yatra: ✒️বিগত দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে পথৰ অৱস্থা শোচনীয়। আপাততঃ পহলগাম আৰু বাল্টাল বেছ কেম্পৰ পৰা স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা।

প্ৰাপ্ত তথ্য অনুসৰি,দুয়োটা পথৰ ট্ৰেকত মেৰামতিৰ কাম আৰম্ভ হৈছে ।ইফালে, জম্মুৰ গণ্ডাৰবল জিলাৰ বাল্টাল পথত বুধবাৰে ভূমিস্খলনত এজন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন তীৰ্থযাত্ৰী আহত হয়।

আহত তিনিওজনক উদ্ধাৰ কৰি চিকিৎসা শিবিৰলৈ লৈ যোৱা হৈছে।কাশ্মীৰৰ সংমণ্ডল আয়ুক্ত বিজয় কুমাৰ বিধুৰীয়ে জনাইছে যে,বিগত কেইদিনমানৰ পৰা অবিৰত বৰষুণৰ বাবে এই দুটা পথত জৰুৰী মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ কামৰ প্ৰয়োজন।

সেই বাবে বৃহস্পতিবাৰে বেছ কেম্প দুটাৰ পৰা পবিত্ৰ গুহালৈ কোনো ধৰণৰ চলাচলৰ অনুমতি দিয়া নহ’ব বুলি সিদ্ধান্ত লোৱা হৈছে । অৱশ্যে পূৰ্বৰ নিশা পাঞ্জাৰ্ণী শিবিৰত উপস্থিত হোৱা তীৰ্থযাত্ৰীসকলক পাহাৰ উদ্ধাৰকাৰী দলৰ সহায়ত বাল্টাললৈ যাবলৈ দিয়া হৈছে।

তথ্য অনুসৰি,সীমান্ত পথ সংস্থাই ইতিমধ্যে দুয়োটা পথৰ পথ মেৰামতিৰ কাম আৰম্ভ কৰিছে। একেৰাহে দুদিন এই পথত কাম চলি থাকিব। শুকুৰবাৰে বেছ কেম্প দুটাৰ পৰা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে অমৰনাথ যাত্ৰা।

অৱশ্যে বতৰৰ ওপৰত নিৰ্ভৰ কৰি পুনৰ যাত্ৰা আৰম্ভ কৰা হ’ব বুলি স্থানীয় প্ৰশাসনে জানিবলৈ দিছে।

Exit mobile version