পাকিস্তানত আকস্মিক বানপানীত ১১৬ জন নিহত, ২৫৩ জন আহত

images 10 4

Pakistan: ২৬ জুনৰ পৰা ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণ আৰু আকস্মিক বানপানীয়ে পাকিস্তানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

এই বানপানী আৰু বৰষুণৰ ফলত পাকিস্তানৰ বিভিন্ন প্ৰান্তত কমেও ১১৬ জন লোকৰ মৃত্যু হৈছে। একে সময়তে এই সময়ছোৱাত ২৫৩জন লোক আহত হৈছে।

পাকিস্তানৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই মঙলবাৰে প্ৰকাশ কৰা অনুসৰি বিগত ২৪ ঘণ্টাত বৰষুণ সম্পৰ্কীয় ঘটনাত আৰু পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে ৪১জন লোক আহত হৈছে।জৰুৰীকালীন স্থানান্তৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

Exit mobile version