UK:✒️ভোটদানৰ নূন্যতম বয়স ১৬ বছৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ব্ৰিটেইনে।গণতন্ত্ৰত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলি দেশখনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰে জনাইছে।
যদিহে এইবাৰ সংসদত এই প্ৰস্তাৱ গৃহীত হয় তেন্তে সমগ্ৰ ব্ৰিটেইনে স্কটলেণ্ড আৰু ৱেলছৰ স’তে একে শাৰীত পৰিব।কিয়নো তাতো ভোটদানৰ নূন্যতম বয়স ক্ৰমে ১৬ আৰু ১৭ বছৰ।
২০২৪ চনৰ ব্ৰিটিছ নিৰ্বাচনত ভোটাৰৰ হাৰ ৫৯.৭ শতাংশ আছিল, যিটো ২০০১ চনৰ পাছত সৰ্বনিম্ন।
এই পৰিসংখ্যা পোহৰলৈ অহাৰ পাছতে আশংকাৰ সৃষ্টি হয়। ভোটাৰৰ সংখ্যা কিয় কমিছে তাক লৈ বহুতে উদ্বেগ প্ৰকাশ কৰে। গৱেষণাৰ অন্তত দেখা গ’ল যে ভোটদানৰ বয়স ১৮ বছৰৰ পৰা ১৬ বছৰলৈ হ্ৰাস কৰিলে ভোটদানৰ শতকৰা হাৰ বৃদ্ধি পাব।






























