GMC Cosmos Pumps:
এজাক মুষলধাৰ বৰষুণ দিলেই মহানগৰীৰ অধিকাংশ পথ- উপ- পথ কৃত্ৰিম বানৰ কবলত পৰাটো সাধাৰণ দৃশ্য হৈ পৰিছে। জিএছ ৰোড, চানমাৰি,হাতীগাঁও, জু-ৰোড,ছাৰ্ভে,ৰুক্মিণীগাঁও,বামুনীমৈদাম,বৰাগাঁও আদি অঞ্চলত বৰষুণ হ’লেও পথ আৰু আবাসীক এলেকা হৈ পৰে জলমগ্ন ৷
ADVERTISEMENT
কিন্ত শেহতীয়াকৈ কৃত্ৰিম বান ৰোধিবলৈ গুৱাহাটী পৌৰ নিগমে ক্ৰয় কৰিছে অত্যাধুনিক ‘কচমছ পাম্প’ ৷ প্ৰতি চেকেণ্ডত ৫০ লিটাৰ পানী নিষ্কাশন কৰিব পৰা এই যত্নৰে ভৰি পৰিছে জিএমচি চৌহদ ৷
এতিয়া প্ৰশ্ন হয়,বৃহত্তৰ গুৱাহাটীত বৰষুণত ফলত সৃষ্টি হোৱা কৃত্ৰিম বান ‘কচমছ পাম্প’ৰ দ্বাৰা নিষ্কাশন কৰিবলৈ জিএমচি কিমান দূৰ সক্ষম হয় সেয়া আগন্তুক দিনত লক্ষণীয় হ’ব ৷






























