karnataka Govt:
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ আইপিএল জয়ৰ অনুষ্ঠানত চামিল হ’বলৈ গৈ পদপিষ্ট হৈ মৃত্যু হৈছিল ১১ অনুৰাগীৰ। সেই ঘটনাৰ বাবে বিৰাট কোহলিৰ এটা ভিডিঅ’কে দায়ী কৰিলে কর্ণাটক চৰকাৰে। উচ্চ ন্যায়ালয়ত কর্ণাটক চৰকাৰে যুক্তি দাঙি ধৰিছে যে কোহলিৰ সেই ভিডিঅ’ৰ কাৰণেই ষ্টেডিয়ামত প্ৰচুৰ লোকে ভিৰ কৰিছিল। ইয়াৰ সমান্তৰালকৈ বাংগালুৰুৰ আৰক্ষী বিষয়াসকলে আৰচিবিৰ ভৃত্যৰ দৰে কাম কৰিছিল বুলিও যুক্তি দর্শাইছে কৰ্ণাটক চৰকাৰে।
উচ্চ ন্যায়ালয়ত জমা দিয়া প্ৰতিবেদনত পদপিষ্ট কাণ্ডৰ নেপথ্যত একাধিক যুক্তি দিছে কৰ্ণাটক চৰকাৰে। ইয়াৰ ভিতৰত কোহলিৰ ভিডিঅ’ৰ কথাও আছে। উল্লেখ্য যে আইপিএল জয়ৰ পাছতে কোহলিয়ে ভিডিঅ’যোগে বিজয়োৎসৱত যোগ দিয়াৰ বাবে সমর্থকসকলক চামিল হ’বলৈ আহান জনাইছিল। লগতে কর্ণাটক চৰকাৰে প্ৰতিযোগিতাৰ আয়োজক ডিএনএ এণ্টাৰটেইনমেন্ট, কর্ণাটক ৰাজ্য ক্রিকেট সংস্থা আৰু আৰচিবিৰ মাজত যোগাযোগৰ অভাৱকো দায়ী কৰা হৈছে।
ৰাজ্য চৰকাৰখনে লগতে অভিযোগ কৰিছে যে স্টেডিয়ামৰ গেট পলমকৈ খোলা হৈছিল আৰু সেই বাবেই পদপিষ্ট হোৱাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছিল। সেই ঘটনাৰ পাছত কৰ্ণাটক চৰকাৰে আইপিএছ বিকাশ কুমাৰক নিলম্বিত কৰিছে। সেই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছিল চেন্ট্রেল এডমিনিষ্ট্রেটিভ ট্রিবুনেলে। ইয়াৰো বিৰোধিতা কৰিছে কৰ্ণাটক চৰকাৰে।
এডভোকেট জেনেৰেল পিএছ ৰাজাগোপালে যুক্তি দর্শায় যে আৰক্ষীয়ে সেই দিনা আৰচিবিৰ ভৃত্যৰ দৰে আচৰণ কৰিছিল। কোনে বিজয়োৎসৱৰ অনুমতি দিছে সেয়া নজনাকৈয়ে নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিছিল আৰক্ষীয়ে।






























