NIA:✒️দীর্ঘ সময় অভিযুক্তক জামিন নিদিয়াকৈ থকাটো পৰোক্ষভাৱে দেশৰ সংবিধানৰ ২১ অনুচ্ছেদ উলংঘা বুলি মতপোষণ কৰি অহা উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কেন্দ্রক প্রচণ্ড ধমক দিয়ে।
ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (এনআইএ)ই বিগত সময়ত গ্ৰেপ্তাৰ কৰা লোকসকলৰ গোচৰৰ খৰতকীয়া বিচাৰৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনিসহ বিশেষ আদালত স্থাপন নকৰিলে এই অভিযুক্তসকলক কাৰাগাৰৰ পৰা জধে-মধে মোকলাই দিব বুলি ন্যায়ালয়ে হুংকাৰ দিছে।
আনকি এনে আদালত স্থাপনৰ বাবে কেন্দ্ৰক অন্তিম সুযোগ দিয়া বুলিও ক্ষুব্ধ ন্যায়ালয়ে সকীয়াই দিয়ে। এনআইএৰ এটা গোচৰত গ্ৰেপ্তাৰ হৈ বিচাৰাধীন বন্দিত্ব কটাই থকা কৈলাস ৰামচন্দনী নামৰ এজন ব্যক্তিৰ আবেদনৰ শুনানি গ্রহণ কৰি কালি কেন্দ্ৰৰ ওপৰত খৰ্গহস্ত হৈ উঠে ন্যায়াধীশ সূর্য কান্ত আৰু জয়মালা বাগচিৰ এখন বিচাৰপীঠ।
শুনানিৰ সময়ত কেন্দ্ৰক সকীয়াই দি বিচাৰপীঠখনে কয়, ‘সময় নির্ধাৰিত ভিত্তিত বিচাৰ প্ৰক্ৰিয়া পৰিচালনাৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনিৰ স’তে বিশেষ আদালত স্থাপনত চৰকাৰ ব্যৰ্থ হ’লে আদালতে বাছ- বিচাৰ নোহোৱাকৈ বিচাৰাধীন বন্দীসকলক মোকলাই দিব। কাৰণ জামিন অবিহনে সন্দেহযুক্তক দীঘলীয়া সময় কাৰাগাৰত বন্দী কৰি ৰাখিব পাৰি নেকি! দ্রুত বিচাৰ আৰু বিচাৰ প্ৰক্ৰিয়া নির্দিষ্ট সময়ৰ ভিত্তিত অন্ত পেলাবলৈ কোনো ব্যবস্থাই নাই।’
উল্লেখ্য যে যোৱা ২৩ মে’ত এনে ধৰণৰ গোচৰৰ বিচাৰ নিতৌ অনুষ্ঠিত হোৱাৰ পোষকতা কৰি এই সম্পৰ্কত ন্যায়ালয়ে কেন্দ্ৰৰ প্রতিক্রিয়া জানিবলৈ বিচাৰে। ন্যায়ালয়ে এইবুলিও গুৰুত্ব আৰোপ কৰিছে যে বেআইনী কার্যকলাপ (প্ৰতিৰোধ) আইন, মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্রণ আইন আদিৰ দৰে আইনৰ অধীনৰ গোচৰসমূহ বিচাৰৰ বাবে উৎসর্গিত আদালতৰ প্রয়োজন।
এনে গোচৰত গ্ৰেপ্তাৰ হোৱা সন্দেহযুক্তক অনির্দিষ্ট কালৰ বাবে জিম্মাত ৰখাৰো বিৰোধিতা কৰি ন্যায়ালয়ে আৰু কয়, ‘কাৰ্যকৰী বিচাৰ আন্তঃগাঁথনিৰ অভাৱত এনে গোচৰৰ বিচাৰ সময়গত ভিত্তিত হোৱা নাই। এনে গোচৰৰ বিচাৰৰ বাবে ভাৰত চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে আছুতীয়া বিশেষ আদালত স্থাপন কৰিব নোৱাৰিলে (এই আবেদনৰ) পৰৱৰ্তী শুনানিৰ দিনা যোগ্যতা অনুসৰি আবেদনকাৰীক জামিনত মুক্তি দিয়া হ’ব।’
আনহাতে, এনআইএৰ সচিবে দাখিল কৰা এখন শপতনামা সম্পৰ্কত আজি দুজনীয়া বিচাৰপীঠে কয় যে বিচাৰাধীন অভিযুক্তসকলৰ গোচৰৰ খৰতকীয়া বিচাৰৰ বাবে স্পষ্ট ব্যবস্থা গ্রহণৰ কোনো কথা শপতনামাখনত উল্লেখ নাই।
কেন্দ্রক সমালোচনা কৰি বিচাৰপীঠে লগতে কয়, ‘আপোনালোকে বিশেষ আইনসমূহৰ অধীনত গ্ৰেপ্তাৰ কৰাটো বিচাৰে, কিন্তু অভিযুক্তসকলৰ দ্রুত বিচাৰৰ বাবে কোনো ব্যৱস্থাই কৰা নাই।’






























