Delhi Blast Update :
সোমাবাৰে সন্ধিয়া ৬-৫৫ বজাত দিল্লীৰ লালাকিল্লাৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ বোমা বিস্ফোৰণৰ ন ন তথ্য লাভ কৰিছে দিল্লী আৰক্ষীয়ে ৷ এই সংক্ৰান্তত দিল্লী আৰক্ষীয়ে দৰিয়াগঞ্জৰ, পাহাৰগঞ্জৰ বিভিন্ন হোটেলত অৰ্তকিতে অভিযান চলাই আটক কৰিছে চাৰিজন লোকক ৷একেদৰে সোধপোছ বাবে আটক কৰিছে ১৩ জনক ৷
আনহাতে দিল্লী আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চলত প্ৰশাসনৰ দ্বাৰা সংস্থাপিত চিচিটিভি ফুটেজ পৰীক্ষা অভিযানত ব্যস্ত হৈ পৰিছে দুই শতাধিক দিল্লী আৰক্ষীৰ জোৱানে ৷
ইপিনে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত লাভ কৰা তথ্য অনুসৰি দিল্লীৰ বিস্ফোৰণত জড়িত সন্দেহজনক বাহনৰ চিচিটিভি ভিডিঅত বন্দী হৈছে বাহন এখন পাৰ্কিঙৰ পৰা ওলাই যোৱাৰ দৃশ্য। বাহন খনৰ চালকৰ আসনত ডা:মহম্মদ ওমৰক প্ৰত্যক্ষ কৰা হৈছে । চালকজনে পৰিধান কৰি আছিল ক’লা ৰঙৰ মাক্স ৷
আনহাতে ভয়ংকৰ বিস্ফোৰণত ব্যৱহৃত গাড়ীৰ তথ্যও পোহৰলৈ আহিছে । বিস্ফোৰণত ব্যৱহৃত গাড়ীখন কেইবাৰো ক্রয়-বিক্রয় কৰা হৈছিল। বিস্ফোৰণ হোৱা কাৰখন হাৰিয়ানাৰ পঞ্জীয়ভুক্ত আছিল ৷ একেদৰে দিল্লী কাণ্ডৰে কানেকশ্যন জম্মু-কাশ্মীৰৰ ৪ চিকিৎসকৰ। বিস্ফোৰণৰ পূৰ্বেই গ্ৰেপ্তাৰ হৈছিল চিকিৎসক কেইজন । তেওঁ লোক হ’ল ডা:মইনুদ্দিন ছৈয়দ ডা: চাহিন চাহিদ ডা: মুজামিৰ চাকিল, ডা:আদিল আহমেদ ৰাথেৰ ৷
ধৃত ডা:মুজামিল চাকিৰৰ ঘৰৰ পৰা জব্দ হৈছিল ২,৯০০ কেজি বিস্ফোৰক ৷একেদৰে ডা: আদিল আহমেদৰ পৰা জব্দ হৈছিল একে ফৰতি ছেভেন ৰাইফল,ডা: চাহিন চাহিদৰ বাহনৰ পৰা ৰাইফল আৰু সজীৱ গুলী জব্দ কৰা হয় ৷
দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰে আটকাধীন চাৰি চিকিৎসক জড়িত থকাৰ সন্দেহ নিয়াৰ ৷ আটাইৰে লিংক পাকিস্তানৰে ৷ আনহাতে কালি বোমা বিস্ফোৰণত ব্যৱহৃত গাড়ীৰ চালকৰ আসনত থকা ডা:মহম্মদ ওমৰ ধৃত চাৰি চিকিৎসকৰে নিবিড় সম্পৰ্ক থকাৰ সন্দেহ কৰি ইতিমধ্যে চাৰি চিকিৎসকক মাৰাথন জেৰা অব্যাহত ৰাখিছে নিয়াই ৷



































