ED files case against 29 Film stars:✒️বেটিং এপ গোচৰত ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ তৰিছে এনফর্চমেন্ট সঞ্চালকালয়ে। এই তালিকাত বিজয় দেবেৰাকোণ্ডা, প্রকাশ ৰাজ, ৰাণা ডঙ্গুবটি, নিধি আগৰৱালা আদিৰ দৰে অভিনেতা-অভিনেত্ৰীৰ নাম সন্নিবিষ্ট হৈছে। হায়দৰাবাদত চাইবাৰাবাদৰ আৰক্ষীয়ে দাখিল কৰা এফআইআৰৰ ভিত্তিত কেন্দ্রীয় সংস্থাটোৱে এই গোচৰ ৰুজু কৰিছে।
সম্প্রতি ইডিয়ে অভিযুক্তৰ স’তে এপ কোম্পানীসমূহৰ বিত্তীয় লেন-দেন আৰু ডিজিটেল যোগাযোগৰ তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে। ১৯ মার্চত চাইবাৰাবাদৰ মিয়াপুৰ আৰক্ষী থানাত বেটিং এপৰ প্ৰচাৰৰ অভিযোগত ২৫জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অভিযুক্তৰ ভিতৰত আছে ৰাণা ডঙ্গুবটি, প্রকাশ ৰাজ, মাঞ্জু লক্ষ্মী আৰু নিধি আগৰৱালা।
খবৰ অনুসৰি এই সকলো অভিনেতা আৰু সংবাদ মাধ্যমৰ প্ৰভাৱশালী ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩১৮৪, ১১২ আৰু ৪৯ নম্বৰ ধাৰা আৰু তেলেংগানা ৰাজ্যিক গেমিং আইনৰ চাৰি নম্বৰ ধাৰা আৰু তথ্য প্রযুক্তি আইনৰ ছয় ডি ধাৰাত অভিযোগ উত্থাপন কৰা হৈছে।
এই ধাৰাসমূহ প্ৰৱঞ্চনামূলক কার্যকলাপ, গেমিঙৰ অবৈধ প্ৰচাৰ আৰু অনলাইন প্ৰতাৰণা আদি অভিযোগৰ ক্ষেত্রত প্রযোজ্য। তাৰকাসকলে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগ সন্দৰ্ভত মুখ খুলিবলৈ আৰম্ভকবিছে। এটা ছ’চিয়েল মিডিয়া পোষ্টত প্রকাশ ৰাজে ২০১৬ত এটা গেমিং এপ প্ৰচাৰ কৰা বুলি কয়। কিন্তু নিজৰ ভুল উপলব্ধি কৰি ২০১৭ত বন্ধ কৰি দিয়ে।
তেতিয়াৰ পৰা তেওঁ আন কোনো গেমিং এপৰ প্ৰচাৰ কৰা নাই বুলি অভিনেতাজনে লিখিছে।
আনহাতে, ৰাণা ডঙ্গুবটিয়ে কয় যে ২০১৭ত তেওঁ দক্ষতাভিত্তিক গেমিং প্লেটফৰ্মৰ প্ৰচাৰ কৰিছিল। তেওঁ দাবী কৰে যে এই এপটো সম্পূর্ণ বৈধ।






























