ED:✒️দিল্লী বিস্ফোৰণকাণ্ডৰ তদন্তত হাৰিয়ানাৰ আল ফালাহ বিশ্ববিদ্যালয়ক কেন্দ্ৰ কৰি পোহৰলৈ আহিছে গুৰুত্বপূর্ণ তথ্য।
এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে (ইডি) হাৰিয়ানাৰ আল ফালাহ বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয় খনৰ অধ্যক্ষ জাভেদ আহমেদ সিদ্দিকীৰ বিৰুদ্ধে দাখিল কৰিছে চাৰ্জশ্বিট। ইডিৰ অভিযোগ অনুসৰি, বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়খনৰ মেডিকেল কলেজত বহু দিন ধৰি চলি আহিছিল বৃহৎ পৰিসৰৰ আৰ্থিক অনিয়ম ।
চাৰ্জশ্বিটত কোৱা হৈছে, সমগ্ৰ দুৰ্নীতি ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰিছিল খোদ অধ্যক্ষ সিদ্দিকীয়ে।নামমাত্ৰ অনুসৰণ কৰা নাছিল নেচনেল মেডিকেল কমিছনৰ নিয়ম।নিয়োগ কৰা হৈছিল বহু ভুৱা চিকিৎসক,যিসকলক মেডিকেল কলেজ কেম্পাছত কেতিয়াও দেখাই নাছিল।
ইতিমধ্যেই বহুতো চিকিৎসকে জেৰাত স্বীকাৰ কৰিছে যে, তেওঁলোকে ঘৰতে থাকি কাম কৰে আৰু এই সকলো ব্যৱস্থাই অবৈধভাৱে চলি আছিল।এই সকলো চিকিৎসককে নিয়োগৰ অনুমতি দিছিল খোদ সিদ্দিকীয়ে।
ইডিৰ মতে, দিল্লী বিস্ফোৰণকাণ্ডৰ মূল অভিযুক্ত চিকিৎসক উমৰ-উন-নবিকো সিদ্দিকীয়ে নিয়োগ কৰিছিল ।আৰক্ষীৰ সহায়ত কৰা হোৱা নাছিল ঠিকনা, পাৰিবাৰিক পৰিচয় আদি পৰীক্ষা । উমৰৰ দৰেই আৰু বহু লোকক এইদৰেই নিয়ম উলংঘন কৰি দিয়া হৈছিল নিয়োগ।
চাৰ্জশ্বিটত আৰু উল্লেখ কৰা হৈছে, আল ফালাহ মেডিকেল কলেজত তদন্ত চলি থকাৰ সময়তে বাহিৰৰ পৰা টকাৰ বিনিময়ত ভুৱা ৰোগী অনাৰ কথা।
বিশ্ববিদ্যালয়ৰ তথ্য-প্ৰযুক্তি বিভাগৰ মুৰব্বী ফাৰদিন বেগে আশাকৰ্মীৰ জৰিয়তে এই ব্যৱস্থা চলোৱা হৈছিল বুলি তদন্তকাৰীক জানিবলৈ দিয়ে ।
ইডিৰ দাবী অনুসৰি, মুঠ ৭০ জন চিকিৎসকক নিয়মবিৰুদ্ধভাৱে নিয়োগ কৰা হৈছিল আৰু প্ৰায় ১৩ কোটি টকাৰ বিদেশী লেনদেনৰো সন্ধান পোৱা গৈছে।
এই ধন বিদেশলৈ সৰবৰাহ কৰা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থাই। শুক্ৰবাৰে ইডিয়ে আল ফালাহ বিশ্ববিদ্যালয়ৰ ৫৪ একৰ মাটি আৰু ফৰিদাবাদস্থিত এখন মেডিকেল কলেজ জব্দ কৰে।
উল্লেখযোগ্য যে, ২০২৫ চনৰ ১০ নৱেম্বৰত দিল্লীৰ লালকেল্লা মেট্ৰোৰ সন্মুখত হোৱা গাড়ীবোমা বিস্ফোৰণত চিকিৎসক উমৰসহ মুঠ ১৫ জন লোকৰ মৃত্যু হৈছিল। সেই ঘটনাৰ তদন্তত উমৰৰ সূত্ৰ ধৰি আল ফালাহ বিশ্ববিদ্যালয়ৰ নাম পোহৰলৈ আহে।






























