China University:✒️এজন ইউৰোপীয় যুৱকৰ স’তে ঘনিষ্ঠতা আৰু শাৰীৰিক সম্পর্ক স্থাপন কৰিছিল এগৰাকী চীনা যুবতীয়ে।
সেই ‘অপৰাধ’তে চীনৰ এখন বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হ’ল সেই ছাত্রক। এজন বিদেশীব স’তে যৌন সম্পর্ক গঢ়ি তোলাৰ বাবেই অভিযুক্ত ছাত্রীগবাকীব শিক্ষাৰ ভৱিষ্যৎ সংকটাপন্ন কৰি তুলিলে বিশ্ববিদ্যালয় কর্তৃপক্ষই।
উত্তৰ-পূব চীনত অৱস্থিত ডালিয়ান পলিটেকনিক বিশ্ববিদ্যালয়ব তৰফৰ পৰা এক বিবৃতি জাৰি কৰি জনাইছে যে ছাত্ৰীগৰাকীয়ে এজন ইউক্ৰেণীয় পুৰুষৰ স’তে যৌন সম্পর্ক স্থাপন কৰিছে।
ছাত্ৰীগৰাকীৰ সেই আচৰণে দেশৰ মর্যাদা হানি কৰা বুলি দাবী তুলি তেওঁক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছে। বিবৃতিত ছাত্ৰীগৰাকীৰ নামো উল্লেখ কৰা হৈছে বুলিও সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে। ঘটনাটো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে গভীৰ সমালোচনাৰ সম্মুখীন হৈছে বিশ্ববিদ্যালয় কর্তৃপক্ষ।
‘ছাউথ চাইনা মর্ণিং প’ষ্ট’ কাকতৰ প্ৰতিবেদন অনুসৰি, ইউক্রেইনৰ এজন যুৱকৰ স’তে সংশ্লিষ্ট ছাত্ৰীগৰাকী ঘনিষ্ঠ সম্পর্কত জড়িত হৈ পৰে। ডেনিল’ টেছলেংকো নামৰ ৩৭ বছৰীয়া প্রেমিকজনে চীনা যুৱতীৰ স’তে অন্তৰংগ মুহূৰ্তত কেতবোৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাগ কৰিছিল। অনলাইনত ভাইবেল হোবা ভিডিঅ’ দেখাৰ পাছতে বিশ্ববিদ্যালয় কর্তৃপক্ষই ছাত্ৰীগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰে। বিশ্ববিদ্যালয় কর্তৃপক্ষই আনকি ছাত্ৰীগৰাকীৰ সম্পূৰ্ণ পৰিচয়ো প্রকাশ কৰে। ইয়াৰ লগতে তেওঁৰ নাম আৰু পাৰিবাৰিক বিৱৰণো ফাদিল কৰা হয়। একাংশ লোকে বিশ্ববিদ্যালয়ৰ স’তে যোগাযোগ কৰি ছাত্ৰীগৰাকীক শাস্তি প্রদানবো দাবী জনায়।
প্রতিবেদনত কোৱা হৈছে যে বহুতেই চীনা সামাজিক মাধ্যমত অভিযোগ কৰিছে, বিশ্ববিদ্যালয় কেম্পাছত যৌন নির্যাচন বা আক্ৰমণৰ স’তে জড়িত অপৰাধীসকলে প্রায়েই কোনো শস্তিৰ মুখত নপৰে। ইয়াৰ বিপৰীতে ছাত্ৰীগৰাকীক প্রকাশ্যে লজ্জিত কৰাৰ লগতে তেওঁৰ
গোপনীয়তা লংঘন কৰা হৈছে। এজন চীনা আইনজীবীয়ে মন্তব্য কৰিছে যে শিক্ষা প্রতিষ্ঠানখনৰ পক্ষত যুৱতীগৰাকীক বহিষ্কাৰ কৰাৰ কোনে আইনী যুক্তি নাই। সামাজিক মাধ্যম ব্যৱহাৰকাৰী একাংশয়ো গণ্য কৰিছে যে এই শাস্তি অন্যায্য। বিশ্ববিদ্যালয়খনে ছাত্ৰীগৰাকীৰ গোপনীয়তাক সম্মান কৰা নাই। বিশ্ববিদ্যালয়সমূহত গোপনীয়তা আৰু লিংগসমতাক লৈও তেওঁলোকে প্রশ্ন উত্থাপন কৰিছে।






























