Brahmaputra:✒️ভাৰতৰ আপত্তিক মুঠেই গুৰুত্ব নিদি অৱশেষত চীনে ব্রহ্মহ্মপুত্ৰৰ উৎসস্থলীত আৰম্ভ কৰিলে বিশ্বৰে বৃহত্তম নদীবান্ধৰ নিৰ্মাণ কার্য। আজি এই নির্মাণ কাৰ্যৰ আৰম্ভণি উপলক্ষে এক অনুষ্ঠানৰো আয়োজন কৰে দেশখনে।
চীনৰ ৰাষ্ট্ৰ নিয়ন্ত্রিত সংবাদ সংস্থা জিনহুৱাৰ এক বাতৰি অনুসৰি ১৪.৪ লাখ কোটি টকা (১.২ ত্রিলিয়ন যুৱান) ব্যয় সাপেক্ষে দেশখনে এই বান্ধ ভাৰত সীমান্তৰ তিব্বতত ব্ৰহ্মহ্মপুত্ৰৰ বক্ষত নিৰ্মাণ কৰিবলৈ লৈছে।
আজি চীনৰ প্রধানমন্ত্রী লী কুয়াঙে এই নির্মাণ কার্য উদ্বোধন কৰে। স্বাভাৱিকতে প্রতিবেশী কমিউনিষ্ট দেশখনৰ এই কাৰ্যই নতুন দিল্লীক চিন্তিত কৰিছে। এই বৃহৎ নদীবান্ধে অদূৰ ভৱিষ্যতে অসম, অৰুণাচল প্ৰদেশসহ উত্তৰ-পূবৰ ৰাজ্যসমূহত জলসংকট সৃষ্টি কৰাৰ আশংকা কৰিছে পৰিৱেশ বিশেষজ্ঞসকলে।
কেৱল সেয়াই নহয়, শেহতীয়াভাৱে বিষয়টোক লৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খান্দুৱেও উদ্বিগ্নতা প্রকাশ কৰে। অৱশ্যে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চীনৰ এই বান্ধে ব্ৰহ্মপুত্ৰত পানীৰ নাটনি সৃষ্টি নকৰে বুলি দাবী কৰিছে।
অলপতে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ব্রহ্মপুত্র সিংহভাগ পানী ভাৰতৰ অংশত বৰষুণৰ ফলত হয়। ইয়াৰ বিপৰীতে তিব্বতৰ অংশত হিমবাহ গলনৰ ফলত নদখনত সামান্য পৰিমাণৰ পানীহে জমা হয়। অৱশ্যে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে উদ্বেগ প্রকাশ কৰিছে যে চীনে ব্রহ্মপুত্র উৎসস্থলীত বান্ধ নির্মাণ কৰিলে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভীষণ উদ্বেগৰ সৃষ্টি হ’ব।
এই বান্ধ বোমা সদৃশ ভয়ংকৰ হ’ব বুলিও খান্দুৱে আশংকা কৰিছে। এই জলবোমাই সমগ্ৰ উত্তৰ-পূবক বিপন্ন কৰিব পাৰে বুলিও তেওঁ উদ্বেগ প্রকাশ কৰিছে। গতিকে পৰিস্থিতিৰ ওপৰত নতুন দিল্লীয়ে দৃষ্টি ৰখা বুলি সূত্রই সদৰী কৰিছে।
এই সম্পৰ্কত মুখ নুখুলিলেও নতুন দিল্লীয়ে বিষয়টোক সহকাৰে লৈছে বুলি সূত্রই জনায়। আনহাতে একাংশ বিশেষজ্ঞৰ মতে, ব্ৰহ্মপুত্ৰৰ জলৰাশিত নিয়ন্ত্রণ সাব্যস্ত কৰাৰ উদ্দেশ্যে বেইজিঙে নদখনৰ উৎসস্থলীত এই বান্ধ নিৰ্মাণ কৰাইছে।
গতিকে বিষয়টোক লৈ কেৱল ভাৰতেই নহয়, বাংলাদেশো উদ্বিগ্ন বুলি সূত্রই প্রকাশ কৰিছে। কাৰণ ব্ৰহ্মপুত্ৰ অসমৰ পৰা বাংলাদেশৰ মাজেৰে বৈ গৈ বংগোপসাগৰত পৰিছে। চীনে এই বান্ধৰ জৰিয়তে নদখনৰ পানী ভেটা দিলে বাংলাদেশতো জলসংকট সৃষ্টিৰ আশংকা আছে।
উল্লেখ্য যে ভূতাত্ত্বিকসকলৰ মতে ব্রহ্মপুত্র দুখন ভূত্বকীয় পাতৰ সংযোগস্থলীত অৱস্থিত। গুৰুত্ব ফলত নদখনৰ উৎসস্থলীত এটা সংবেদনশীল অঞ্চলত নদৰ স্বাভাৱিক জলপ্ৰৱাহক কৃত্রিম উপায়েৰে বাধা দিলে ভূমিকম্পৰ আশংকা আছে।
অৱশ্যে চীনে দাবী কৰি আহিছে যে এই বান্ধে পৰিৱেশৰ কোনো ক্ষতি নকৰে। এই বাহ নিৰ্মাণৰ সময়ত পৰিৱেশতন্ত্ৰৰ প্ৰতিও দৃষ্টিৰখা হ’ব বুলিও বেইজিঙে দাবী কৰে






























