Dibrugarh Cm secretariat:
মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ চাৰিদিনীয়া ডিব্ৰুগড় ভ্ৰমণৰ আৰম্ভণিতে ডিব্ৰুগড় মহানগৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই তীব্র আতংকৰ সৃষ্টি কৰিছে। মহানগৰখনলৈ প্রচণ্ড ভাবুকিৰ সৃষ্টি কৰি সম্প্ৰতি মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ ওচৰতে নদখনৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ডিব্ৰুগড় মহানগৰৰ মাহজানস্থিত মুখ্যমন্ত্রী সচিবালয়ৰ ওচৰত হঠাতে আৰম্ভ হোৱা এই খহনীয়াৰ প্রকোপে স্থানীয় ৰাইজৰ নিদ্ৰাহৰণ কৰিছে।
বুধবাৰে আকস্মিকভাৱে ভয়াবহ ৰূপ লোৱা এই খহনীয়াত চকুৰ পচাৰতে ১৫ ফুট মাটিৰ অংশ জাহ যায়। মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাক্মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ এই ভয়াৱহ খহনীয়াক লৈ লৰা-ঢপৰা লাগে জলসম্পদ বিভাগৰ অভিযন্তা-কর্মচাৰীসকলৰ মাজত। ইপিনে, স্থানীয় লোকে অভিযোগ উত্থাপন কৰা অনুসৰি মঙলবাৰে পুৱা এই খহনীয়াৰ বিষয়ে বিভাগীয় কর্তৃপক্ষক অৱগত কৰাৰ পাছতো বিভাগৰ কোনো লোক উপস্থিত হোৱা নাছিল।
আনকি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাও বিভাগে গ্রহণ কৰা নাই বুলি ৰাইজে ক্ষোভ প্রকাশ কৰিছে। নদখনৰ এই খহনীয়া অব্যাহত থকাত ৰাইজৰ আতংক বৃদ্ধি পাইছে। খহনীয়া অব্যাহত থাকিলে আজি নিশাৰ ভিতৰতে ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধক স্পৰ্শ কৰাৰ সম্ভাৱনা আছে। এই বান্ধলৈ খহনীয়াস্থলীৰ পৰা দূৰত্ব প্রায় পাঁচশ মিটাৰহে। মুখ্যমন্ত্ৰীৰ সচিবালয় আৰু জলসম্পদ বিভাগৰ কাৰ্যালয়লৈ দূৰত্ব প্রায় এক কিলোমিটাৰ। ফলত এই দুয়োটা কার্যালয়লৈ এই খহনীয়াই প্রচণ্ড ভাবুকিৰ সৃষ্টি কৰিছে। ৰাইজে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে।
# ডিব্ৰুগড়ত চাৰিদিনৰ বাবে ড্র’ন নিষিদ্ধ !
মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলা প্রশাসনে জিলাখনৰ চাৰিটা স্থানত আজিৰ পৰা চাৰিদিনৰ বাবে মানৱবিহীন বিমান (ড্র’ন)ৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। অতিৰিক্ত জিলা ন্যায়াধীশ বিৰাজ বৰুৱাই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ১৬৩ ধাৰাৰ অধীনত এই নির্দেশ জাৰি কৰি কয় যে আজিৰ পৰা ২৪ জুলাইলৈ পুৱা ছয় বজাৰ পৰা সন্ধিয়া ছয় বজালৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, ডিব্ৰুগড় মুখ্যমন্ত্ৰীৰ সচিবালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত ড্ৰ’নৰ চলাচল নিষিদ্ধ কৰা হৈছে।
এই নিষেধাজ্ঞাই বাণিজ্যিক আৰু বিনোদনমূলক সকলো ড্র’নক সামৰি লৈছে আৰু নিষেধাজ্ঞা উলংঘাকাৰীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২২৩ ধাৰা আৰু অন্যান্য প্রাসংগিক আইনী ব্যৱস্থাৰ অধীনত শাস্তিৰ সম্মুখীন হ’ব লাগিব বুলি নিষেধাজ্ঞাত উল্লেখ আছে।
# বুঢ়া-বুঢ়ী থানৰ সংৰক্ষণৰ উদ্দেশ্যে ন কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ
মঙলবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানকোঠত উপস্থিত হোৱাৰ পাছতে মুখ্যমন্ত্রীয়ে পোনে পোনে মুখ্যমন্ত্রী সচিবালয়লৈ যাত্রা কৰে। মুখ্যমন্ত্রী সচিবালয়ত তেওঁ জিলাখনত তেওঁৰ কাৰ্যসূচীৰ বিষয়ে প্ৰাৰম্ভিক আলোচনা কৰে। পাছত মুখ্যমন্ত্রীয়ে শদিয়াৰ বুঢ়া-বুঢ়ী থানলৈ যাত্ৰা কৰে। এই থানৰ সংৰক্ষণ তথা চৌহদৰ উন্নয়ন সাধনৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড:শৰ্মাই বুধবাৰে প্রায় ন কোটি টকা ব্যয় সাপেক্ষ ৰূপায়ণ কৰিবলগীয়া এটা প্ৰকল্পৰ ভূমিপূজন কৰে।
২১বিঘা ভূমি সামৰি এই প্রকল্প ৰূপায়ণ কৰা হ’ব। তেওঁ লগতে বুঢ়া-বুঢ়ী থানলৈ অহা ভক্ত-দর্শনার্থীৰ সহায় হোৱাকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা এটা পানী যোগান প্রকল্পও উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ৮০.৯২ লাখ টকা ব্যয়েৰে এই পানী যোগান প্রকল্প নিৰ্মাণ কৰা হৈছে।
এই উপলক্ষে মুখ্যমন্ত্রী ড:শর্মাই কয় যে বুঢ়া-বুঢ়ী থান অসমৰ অন্যতম প্রাচীন উপাসনাস্থলী। প্রথমবাৰৰ বাবে ২০০১ত বিধায়ক নির্বাচিত হোৱাৰ পৰাই শদিয়াস্থিত বুঢ়া-বুঢ়ী থান তেওঁ কে’বাবাৰো দৰ্শন কৰি সেৱা আগবঢ়াইছে। তেওঁ কয় যে ঐতিহ্যমণ্ডিত এই থানখনৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ উদ্দেশ্যে প্রায় ন কোটি টকা ব্যয়েৰে মূল মন্দিৰ গৃহৰ উন্নয়ন, মন্দিৰত প্ৰৱেশৰ মূল গেট, জিৰণিচ’ৰা তথা অতিথিশালা, মন্দিৰ চাৰিআলিত দর্শনার্থীক স্বাগতম জনাই গেট, পূজাৰীৰ থকা ঠাইৰ সুবিধা আদি নির্মাণ, মন্দিৰ চৌহদৰ সৌন্দৰ্যবৰ্দ্ধন আদিৰ পদক্ষেপ গ্রহণ কৰা হৈছে।
বুঢ়া-বুঢ়ী থানৰ মাহাত্ম্যৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ঐতিহ্যমণ্ডিত এই উপাসনাস্থলী দর্শন কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। তেওঁ লগতে কয় যে এই প্রকল্পটো সম্পূর্ণ হৈ উঠিলে থানখন এক গুৰুত্বপূৰ্ণ আধ্যাত্মিক আৰু পৰ্যটনৰ ক্ষেত্ৰত পৰিণত হ’ব। উদ্বোধন হোৱা পানী যোগান প্রকল্পটোৱে থানখনৰ পূজাৰীসকলৰ লগতে ভক্ত-দর্শনার্থীসকলক উপকৃত কৰিব বুলিও তেওঁ লগতে মন্তব্য কৰে।






























