GMC:
মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে বেটাৰীচালিত ৰিক্সা। এই সমূহ ৰিক্সাই ৰাজপথত আন আন যানবাহনৰ স’তে ভেৰ মাৰিবলৈ গৈ অতি দ্ৰুতগতিত গতিত চলাবলৈ গৈ বিভিন্ন সময়ত নানান অসুবিধাৰ সৃষ্টি কৰিছে ৷
বেটাৰীচালিত ৰিক্সাৰ বিৰুদ্ধে সময়ে সময়ে উদ্থাপিত হৈ থকা অভিযোগৰ পৰিপ্ৰেক্ষিতত জিএমচিয়ে ঠায়ে ঠায়ে চলাইছে অভিযান। জিএমচিৰ এনফৰ্চমেন্ট বিভাগে বুধবাৰে মহানগৰীৰ কেতবোৰ অঞ্চলত অৰ্তকিতে অভিযান চলাই বহু ৰিক্সাত সংলগ্ন বেটাৰী জব্দ কৰে ।
উল্লেখ্য যে,বেটাৰী চালিত ৰিক্সা সমূহে লঘু যান বাহন আইন ভংগ কৰি অহাৰ অভিযোগ জিএমচিৰ ৷
