NSCN:
শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত দীৰ্ঘদিন ধৰি শিৱিৰ পাতি থকা আলফা স্বাধীনৰ কে’বাটাও কেম্পত সেনাই ড্ৰোনেৰে আক্ৰমণ কৰি কে’বাজনো শীৰ্ষ আলফা নেতাক ধৰাষায়ী কৰাৰ পিছত পুনৰ আন এক ঘটনাক লৈ সোচ্ছাৰ হৈ পৰিছে নগা ছাত্ৰ সন্থাৰ।
নগা ভূমিৰ অন্যতম সশস্ত্ৰ বিদ্ৰোহী সংগঠন ‘এনএছচিএনৰ কে’বাজনো সদস্যক আটক কৰিছে ম্যানমাৰৰ সেনাই ৷ যাৰবাবে ক্ষোভিত হৈ নগা ছাত্ৰ সন্থাৰ দাবী অচিৰেই বিনাচৰ্তে মুকলি কৰি মুকলি কৰি দিয়ক আটকাধীন এনএছচিএনৰ সদস্যক ৷ বিনাচৰ্তে মুকলি কৰি নিদিলে কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ ছাত্ৰ সংগঠনটোৰ |
